নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমক উভতি অহা দেখি আনন্দ প্রকাশ ট্রাম্পৰ

নিয়মীয়া বাৰ্তা ৪ মেঃ ২০ দিন পাছত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ৰাজহুৱাকৈ আত্মপ্রকাশ কৰা উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিম জং–উনক শুভেচ্ছা জ্ঞাপন কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ট্রাম্পে কালি উল্লেখ কৰে যে সু–স্বাস্থ্যৰে ৰাজহুৱা স্থানত কিমৰ আত্মপ্রকাশ ঘটা বিষয়টোত তেওঁ অত্যন্ত সুখী৷ কিমক উভতি অহা দেখি অত্যন্ত সুখী হোৱা বুলি ট্রাম্পে উল্লেখ কৰাৰ লগে লগে বিষয়টোৱে চর্চা লাভ কৰিছে আমেৰিকাৰ সংবাদ মাধ্যমত৷ উল্লেখনীয় যে হূদযন্ত্রৰ অস্ত্রোপচাৰ হোৱা বুলি কেইবাটাও সংবাদ মাধ্যমে ঘোষণা কৰাৰ উপৰি হংকঙৰ এটা টেলিভিছন চেনেলে কিমৰ মৃত্যু হোৱা বুলিও দাবী কৰিছিল৷ কিন্তু ট্রাম্পে এই সংবাদ সত্য নহয় বুলি ঘোষণা কৰি আহিছিল৷ ইফালে ট্রাম্পৰ সমান্তৰালকৈ প্রতিৱেশী দক্ষিণ কোৰিয়ায়ো উত্তৰ কোৰিয়াৰ শীর্ষনেতাগৰাকী জীৱিত তথা কুশলে থকা বুলি ঘোষণা কৰিছিল৷

You might also like