নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্রত্যাহ্বান

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ তাণ্ডৱত আতংকিত সমগ্র বিশ্ব৷ প্রায় দুমাহৰ ভিতৰতে বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক এই ভাইৰাছৰ দ্বাৰা প্রায় ৩৬ লাখ লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে প্রায় আঢ়ৈ লাখ লোকৰ৷ ক’ৰোনাৰ বিভীষিকাই অসমকে ধৰি সমগ্র দেশকে ছানি ধৰিছে৷ দুমাহৰ ভিতৰত দেশত ৪২ হাজাৰৰো অধিক লোক মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে৷ ইয়াৰে ১৪শ লোকৰ মৃত্যু হৈছে৷ ক’ৰোনাজনিত মহাব্যাধিৰ বাবে দেশজুৰি লকডাউন চলি আছে৷ দুটা পর্যায়ৰ লকডাউন সত্ত্বেও ভয়াৱহ সংক্রমণ প্রতিৰোধ হোৱাতো দূৰৰ কথা, দেশৰ কেইবাখনো ৰাজ্যত এই বীজাণুৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ ফলত সোমবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় পর্যায়ৰ লকডাউন৷ ফলত সমগ্র দেশখনত চলি থকা অচলাৱস্থা আকৌ ১৪ দিনৰ বাবে ঘূৰি অহাৰ সম্ভাৱনা নাই৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণত বিশ্বৰ আমেৰিকা, ব্রিটেইন, ইটালী আদি দেশ দিশহাৰা হৈছে৷ আমাৰ দেশৰ বাণিজ্যিক ৰাজধানীৰূপে পৰিচিত মুম্বাইকে ধৰি মহাৰাষ্ট্রত এই ভাইৰাছৰ সংক্রমণ ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ এফালে মৃত্যুৰ বিভীষিকা আনফালে জীৱন–জীৱিকাক লৈ এতিয়া সর্বসাধাৰণ ৰাইজৰ মাজত গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ক’ৰোনা ভাইৰাছৰ বাবে দেশখন অর্থনৈতিকভাৱে সীমাহীন ক্ষতিৰ সন্মুখীন হৈছে৷ ইয়াৰ লগে লগে সর্বসাধাৰণ ৰাইজৰ দুর্যোগৰ সীমা–সংখ্যা নোহোৱা হৈছে৷ সমগ্র দেশত উদ্যোগ–বাণিজ্য স্তব্ধ হোৱাৰ লগে লগে উপার্জনৰ পথো বন্ধ হৈছে কোটি কোটি লোকৰ৷ বিগত ডেৰ মাহ ধৰি লকডাউনত আবদ্ধ হৈ থকা অধিকাংশ লোকৰ জীৱিকাৰ পথ ৰুদ্ধ হোৱাৰ লগে লগে তীব্র অর্থসংকট আৰম্ভ হৈছে৷ জীৱন আৰু জীৱিকা কিদৰে উজ্জীৱিত কৰিব তাক লৈ এতিয়া সর্বশ্রেণীৰ লোক দুশ্চিন্তাত ভুগিছে৷
দেশৰ উন্নত ৰাজ্যসমূহৰ তুলনাত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা অসমবাসী বহু পৰিমাণে সুৰক্ষিত হৈ আছে৷ জি এম চি এইচত চিকিৎসাধীন নাগালেণ্ডৰ এজন লোককে ধৰি অসমত মুঠ ৪৩গৰাকী লোক এই মাৰাত্মক বীজাণুৰ দ্বাৰা আক্রান্ত হৈছে যদিও ইয়াৰে ৩৩গৰাকী সম্পূর্ণ সুস্থ হৈছে৷ শিলচৰত এজন আক্রান্তৰ মৃত্যু হৈছে৷ এতিয়া চিকিৎসাধীন হৈ থকা ৯জন আক্রান্তৰ অৱস্থাও বিপদৰ বাহিৰত৷ কিন্তু মাৰাত্মক বীজাণুৰ পৰা অসমবাসী সম্পূর্ণ নিৰাপদ বুলি ক’ব নোৱাৰি৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গ্রহণ কৰা বিশেষ পদক্ষেপত অসমবাসী আশ্বস্ত হৈছে৷ কিন্তু তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত আৰম্ভ কৰা শিথিলতাই ভয়াৱহ ভাইৰাছৰ সংক্রমণ বৃদ্ধি কৰাৰ আশংকা শেহতীয়াকৈ ঘনীভূত হৈছে৷ ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক ঘূৰাই অনাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ এসপ্তাহৰ ভিতৰত বহিঃৰাজ্যত আবদ্ধ হৈ থকা কেইবালাখ লোকে অসমত প্রৱেশ কৰিব৷ এই লোকসকলৰ জৰিয়তে মাৰাত্মক ভাইৰাছ যাতে সংক্রমিত হ’ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ আৰু অধিক কঠোৰ হ’ব লাগিব৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক লৈ আগন্তুক দিনবোৰত নতুন সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকাও সমানে ঘনীভূত হৈছে৷ কিয়নো, বহিঃৰাজ্যত কর্মৰত অধিকাংশ লোকেই কর্মসংস্থাপন হেৰুওৱাৰ আশংকা আছে৷ সাম্প্রতিক ভয়াৱহ পৰিস্থিতিৰ বাবে গৃহৰাজ্যলৈ ঘূৰি অহা বহু লোকক পুনৰ বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্রত পৰিয়ালৰ তৰফৰ পৰাও বাধা প্রদান কৰিব৷ এনে অৱস্থাত ২৫ লাখৰো অধিক শিক্ষিত নিবনুৱাৰ মাজত বহিঃৰাজ্যৰ পৰা অহা লোকসকল ৰাজ্যখনত অতিৰিক্ত বোজা হ’ব৷ ক’ৰোনা মহামাৰী এদিন নহয় এদিন নিয়ন্ত্রণ হ’ব৷ কিন্তু ক’ৰোনাৰ বাবে বহিঃৰাজ্যত কর্ম সংস্থাপন হেৰুওৱা অসমৰ কিমানগৰাকী যুৱক–যুৱতীয়ে পূর্বৰ কর্মসংস্থাপন লাভ কৰিব তাক লৈ সন্দেহ–শংকা ঘনীভূত হৈছে৷ কর্মসংস্থাপনৰ অভাৱত, পেটৰ ভোকত ৰাজ্যখনত অপৰাধজনিত ঘটনা অনাগত দিনবোৰত বৃদ্ধি হোৱাটো নিশ্চিত৷ এইক্ষেত্রত ৰাজ্য চৰকাৰখনে এক স্পষ্ট নীতি গ্রহণ কৰি ঐকান্তিকতাৰে আগবাঢ়ি আহিব লাগিব৷

You might also like