নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পাচলি ব্যৱসায়ীৰ ৰূপত গভাইত চোৰ

গীতানগৰ আৰক্ষীৰ জালত বৰপেটাৰ দুই যুৱক ৰছিদ–ইয়াজুল আলী

নিয়মীয়া বাৰ্তা, ৫ মেঃ ক’ৰোনা ভাইৰাছক লৈ চৰকাৰে দেশজুৰি ঘোষণা কৰিছে দীঘলীয়া লকডাউন৷ লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত ক্রমাৎ অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ লকডাউনত মহানগৰীত কেইবাটাও চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত তৃতীয় পর্যায়ৰ লকডাউনত হত্যাকাণ্ডৰ দৰে নৃশংস ঘটনাও সংঘটিত হৈছে৷

বিশেষকৈ লকডাউনৰ সময়ছোৱাত পাচলি আৰু মাছ–মাংসৰ ব্যৱসায়ৰ নামত মহানগৰীত পিটপিটাই ফুৰিছে গভাইত চোৰ৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা পাচলি বিক্রীৰ নামত মহানগৰীলৈ আগমন ঘটা একাংশ ব্যৱসায়ীয়ে চুৰি কার্যত লিপ্ত হৈছে৷ আজি গীতানগৰ আৰক্ষীয়ে জু–ৰোডৰ নবীন নগৰৰ সেন্দূৰআলিৰ পৰা দুটা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷

ধৃত চোৰ দুটা বৰপেটাৰ বহৰিৰ ৰছিদ আলী (২১) আৰু কলগাছিয়াৰ ইয়াজুল আলী (২২) বুলি জানিব পৰা গৈছে৷ ঘটনাৰ বিৱৰণী মতে, কিছুদিন পূর্বে চুৰিৰ গোচৰত যুৱক দুজনে জে’লৰ পৰা মুক্ত হৈ মহানগৰীত পাচলিৰ ব্যৱসায় কৰি আছিল৷ লকডাউনৰ সময়ছোৱাত ঘৰে ঘৰে পাচলি যোগান ধৰাৰ নামত যুৱক দুজনে পিটপিটাই ঘূৰি ফুৰিছে৷ দিনৰ ভাগত পাচলি বিক্রী কৰাৰ পিছত নিশা হ’লে চুৰি কার্যত লিপ্ত হয়৷ কালি নিশা সেন্দূৰআলিৰ এটা বাসগৃহত যুৱক দুজনে চুৰি কার্য সংঘটিত কৰি থকাৰ সময়তে স্থানীয় লোকে চোৰ দুটাক হাতে–লোটে কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে৷

গীতানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰ দুটাক গ্রেপ্তাৰ কৰি গীতানগৰ থানালৈ নিয়ে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে গীতানগৰ থানাত ১৫৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি আজি চোৰ দুটাক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like