খানাপাৰাত দুর্বৃত্তই লুটিলে বেংক গ্রাহকৰ ২০ হাজাৰ টকা
নিয়মীয়া বাৰ্তা, ৫ মেঃ লকডাউনৰ সময়ছোৱাত বিভিন্ন অপৰাধজনিত ঘটনা ক্রমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ দ্বিতীয় পর্যায়ৰ লকডাউনত চানমাৰি, পাণবজাৰ, ভৰলুমুখ আৰু হাতীগাঁৱকে ধৰি কেইবাটাও চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছত তৃতীয় পর্যায়ৰ লকডাউনৰ প্রথম দিনটোতে আজি খানাপাৰাত দুর্বৃত্তই এগৰাকী বেংক গ্রাহকৰ ২০ হাজাৰ টকা লুট কৰে৷
প্রাপ্ত খবৰ মতে, মহানগৰীৰ পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ হৰপতি শর্মা নামৰ লোকজনে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সমীপৰ এছ বি আইৰ এটিএমত ধন উলিয়াবলৈ যায়৷ দিনৰ প্রায় ১১.৩০ বজাত লোকজনে এটিএমৰ ভিতৰত প্রৱেশ কৰি নিজৰ এটিএম কার্ডেৰে ধন উলিয়াবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ এই সময়তে কাষত থকা এজন যুৱকে তেওঁক ধন উলিয়াই দিয়াত সহায় কৰাৰ ছলেৰে এটিএম কার্ডখন খুজি লয়৷ কিছু সময়ৰ পিছত এটিএমৰ পৰা ওলাই আহি যুৱকজনে শর্মাক এছবিআইৰ এখন এটিএম কার্ড গতাই দি এটিএমৰ পৰা ধন উলিওৱাত ব্যর্থ হোৱা বুলি কৈ ঘটনাস্থলীৰ পৰা উধাও হয়৷ যুৱকজনে শর্মাক দিয়া এটিএম কার্ডখন ৰণদীপ দত্ত নামৰ এজন লোকৰ আছিল যদিও তেওঁ এই কথা মন কৰা নাছিল৷ কিছু সময়ৰ পিছত তেওঁ খানাপাৰাৰ এছ বি আই শাখাত পাছবুক লৈ ধন উলিয়াবলৈ যাওঁতে সকলো তথ্য পোহৰলৈ আহে৷
অৱশ্যে পিছত এটিএম কার্ডখন বেংক কর্তৃপক্ষই গ্রাহকজনৰ অনুৰোধত বন্ধ কৰি দিয়ে যদিও তাৰ পূর্বেই এটিএমৰ পৰা দুর্বৃত্তই ২০ হাজাৰ টকা লুট কৰে৷ ঘটনা সন্দর্ভত শর্মাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷