নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফটাশিলত সুৰাৰ ৰাগিত এজনক নৃশংস হত্যাঃ দুই অভিযুক্তক জে’ললৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ৫ মেঃ লকডাউনৰ মাজতে মহানগৰীৰ ফটাশিল আমবাৰীৰ ৰথখোলাত কালি নিশা এক লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয়৷ সুৰাৰ ৰাগিত দুই উদণ্ড যুৱকে ফটাশিল আমবাৰীৰ পংকজ মল্লিক নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰে৷ এই ঘটনাক কেন্দ্র কৰি ফটাশিল আমবাৰীত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷

ঘটনাৰ বিৱৰণী মতে, কালি নিশা ৰথখোলাৰ সুব্রত মণ্ডলৰ বাসগৃহত বন্ধু ৰাহুল দাস  আৰু পংকজ মল্লিক–এ একেলগে সুৰাপান কৰে৷ অত্যধিক সুৰাপান কৰাৰ পিছত সামান্য কথাক লৈ মল্লিকৰ সৈতে উদণ্ড যুৱক দুজন কাজিয়াত লিপ্ত হয়৷ এই কাজিয়াই পিছত হিংসাত্মক ৰূপ ধাৰণ কৰাত সুব্রত মণ্ডল আৰু ৰাহুল দাসে বন্ধু পংকজ মল্লিকক মৰিয়াই মৰিয়াই হত্যা কৰে৷ পিছত স্থানীয় লোকে যুৱক দুজনক আটক কৰি আৰক্ষীক খবৰ দিয়াত ফটাশিল আমবাৰী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ লগতে আৰক্ষীয়ে হত্যাকাৰী সুব্রত আৰু ৰাহুলক গ্রেপ্তাৰ কৰে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে ফটাশিল আমবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০২ ধাৰাত ১৭৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি হত্যাকাৰী দুজনক আজি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ অৱশ্যে মৰণোত্তৰ প্রতিবেদনৰ পিছতহে সঠিক তথ্য পোহৰলৈ আহিব বুলি ফটাশিল আমবাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ছাইদুল ইছলামে জানিবলৈ দিছে৷

You might also like