নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ নকল কৰাটো অসম্ভৱ: সঞ্জ

নিয়মীয়া বাৰ্তা, ৬ মে’ :ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীৰ নকল কৰাটো অসম্ভৱ৷ –এই মন্তব্য কৰিছে ভাৰতীয় দলটোৰে প্রতিভাৱান উইকেটকীপাৰ বেটছমেন সঞ্জু ছেমছনে৷

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ফ্রেনচাইজী চেন্নাই ছুপাৰ কিংছে অফিচিয়েল ইনষ্টাগ্রামৰ জৰিয়তে ধোনী সন্দর্ভত সোধা বিষয়ত প্রতিভাৱান উইকেটকীপাৰগৰাকীয় কয় যে ধোনীৰ নকল কৰাটো সহজ নহয়৷ কেৱল তেওঁৰ মহত্ত্বক উপলব্ধিহে কৰিব পাৰি৷ ধোনী সকলোৰে হিৰো৷ আন্তর্জাতিক ক্রিকেটত ক্রিকেটাৰগৰাকীয়ে বহু বছৰ অতিবাহিত কৰিছে৷

এই সময়ছোৱাত ধোনীৰ বহুতো স্মৰণীয় মুহূর্ত আছে আৰু সেই মুহূর্তবোৰে মোৰ লগতে আন খেলুৱৈকো অনুপ্রেৰণা যোগায় বুলি মন্তব্য কৰি সঞ্জু ছেমছনে লগতে কয় যে তেওঁ যেতিয়া ১৯ বছৰীয়া আছিল, তেতিয়া ভাৰতীয় দলটোৰ সৈতে তেওঁ ইংলেণ্ড ভ্রমণলৈ গৈছিল৷ ড্রেছিং ৰুমত ধোনীৰ সৈতে তেওঁ বহু সময় অতিবাহিত কৰিছিল আৰু তেওঁৰ পৰা উইকেটকিপিং সন্দর্ভত বিভিন্ন কৌশলো আয়ত্ত কৰিবলৈ সক্ষম হৈছিল৷

অৱশ্যে উক্ত ভ্রমণৰ পাছৰে পৰা তেওঁ পৰৱর্তী পাঁচ বছৰ ধৰি ভাৰতীয় দলটোৰ হৈ খেলাৰ সুযোগ লাভ কৰা নাছিল বুলি সঞ্জু ছেমছনে মন্তব্য কৰে৷ ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ফ্রেনচাইজী ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা ২৫ বছৰীয়া সঞ্জু ছেমছনে অনাগত দিনত উন্নত প্রদর্শন দাঙি ধৰি ভাৰতীয় দলত স্থান নিগাজী কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে৷

You might also like