নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ভয়ংকৰ জলসংকটৰ আশংকা

নিয়মীয়া বাৰ্তা, ৬ মে’ :  গুৱাহাটী মহানগৰবাসীৰ পানী যোগানৰ ক্ষেত্রত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰু সৰু পানী যোগান আঁচনিয়ে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ যিসময়ত পৌৰ নিগমৰ পানী যোগানৰ পৰা মহানগৰীৰ পৰা ৭০ শতাংশ লোক বঞ্চিত হৈছে, সেই সময়তে এই ক্ষুদ্র পানী যোগান আঁচনিসমূহে মহানগৰবাসীক বিশেষভাৱে সকাহ দি আহিছে৷

খোৱাপানীৰ সংকটৰ সময়তে মহানগৰীৰ জালুকবাৰী, মালিগাঁও, বৰাগাঁও, লখৰা, বশিষ্ঠ, বেলতলা, পাঞ্জাবাৰী, নাৰেংগী, নিউ গুৱাহাটী, হাতীগাঁও, লালগণেশ আদি অঞ্চলৰ বহু লোক ক্ষুদ্র পানী যোগান আঁচনিৰ পৰা উপকৃত হৈছে৷ ৰাজ্যৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে স্তব্ধ হৈ পৰিছে মহানগৰ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সকলো লোকৰ উপার্জনৰ পথ বন্ধ হৈ পৰিছে৷

এনে অৱস্থাত মহানগৰীত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষুদ্র পানী যোগান আঁচনিসমূহৰ বিদ্যুতৰ মাচুল আদায় দিয়াত সংশ্লিষ্ট পানীযোগান আঁচনি পৰিচালনা সমিতি ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ এইক্ষেত্রত মহানগৰ উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শর্মাই কয় যে এই আঁচনিসমূহৰ পৰা সংযোগ লোৱা পৰিয়ালৰ পৰা সামান্য পৰিমাণে মাচুল সংগ্রহ কৰি পৰিচালনা সমিতিসমূহে পানী যোগান আঁচনিৰ বিদ্যুৎ মাচুল কর্মচাৰীৰ মাননি আৰু মেৰামতিৰ কাম কৰি আহিছে৷ যিহেতু লকডাউনৰ বাবে জনসাধাৰণৰ কাম–কাজ তথা উপার্জনৰ পথ বন্ধ হৈ পৰিছে, সেয়েহে লকডাউনৰ সময়ছোৱাত াঁচনি পৰিচালনা সমিতিৰ মাচুল সংগ্রহ কৰিব পৰা নাই৷ ফলত বিদুৎ পৰিষদক দিবলগীয়া মাচুলৰ পৰিমাণ দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যদিহে শীঘ্রে বিদ্যুতৰ মাচুল আদায় দিয়া নহয় তেনেহ’লে বিদ্যুৎ সংযোগ বিভাগীয় কর্তৃপক্ষই বিচ্ছিন্ন কৰি দিয়াৰ সম্ভাৱনাই দেখা দিছে৷

বিভাগীয় কর্তৃপক্ষই অনাদায় মাচুলৰ বাবে পানী যোগান আঁচনিসমূহৰ বিদ্যুৎ কর্তন কৰিবলৈ সমগ্র মহানগৰীত ভয়ংকৰ খোৱাপানীৰ সংকটে দেখা দিব৷ সেয়েহে মহানগৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগক এই ক্ষুদ্র পানী যোগান আঁচনিসমূহৰ বিদ্যুতৰ মাচুল আদায় দিয়াৰ বাবে দাবী জনাই স্মাৰক–পত্র প্রদান কৰে৷ উল্লেখ্য যে চৰকাৰে হাতত লোৱা ৪টা বৃহৎ পানী যোগান আঁচনিৰ পশ্চিম গুৱাহাটী পানী যোগান আঁচনিৰ পৰা ৰাইজক সামান্য পৰিমাণে পানী যোগান ধৰা হৈছে যদিও বাকী তিনিটা আঁচনিৰ কাম এতিয়াও সম্পূর্ণ হোৱা নাই৷

You might also like