মঠঘৰীয়াত কুঁৱাত দুই শ্রমিকৰ শোকাৱহ মৃত্যু
নিয়মীয়া বাৰ্তা, ৬ মে’ : তৃতীয় পর্যায়ৰ লকডাউন চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীৰ নুনমাটি থানা এলেকাৰ মঠঘৰীয়াত কুঁৱাত পৰি দুজন শ্রমিক নিহত হোৱা ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে অঞ্চলটোত৷
জানিব পৰা মতে, মঠঘৰীয়াৰ ভূপেন্দ্র নগৰৰ বাসিন্দা মনেশ্বৰ ডেকাই নিজৰ বাসগৃহৰ চৌহদত থকা এটা কুঁৱা নির্মাণ তথা পৰিষ্কাৰ কৰাৰ বাবে জোনাকী নগৰ নিৱাসী বংকিম হাজং আৰু মৃগেন ৰয় নামৰ দুজন শ্রমিক নিয়োজিত কৰিছিল৷ শ্রমিক দুজনৰ মাজৰ বংকিম হাজং নামৰ শ্রমিকজনে প্রথমে গভীৰ কুঁৱাটোত নামি মেৰামতি কৰিবলৈ আৰম্ভ কৰে৷ কিছু সময় শ্রমিকজনে কাম কৰি থকাৰ পিছত হঠাৎ শ্রমিকজনে উশাহ–নিশাহ লোৱাত কষ্ট পায় আৰু চিঞৰ–বাখৰ কৰিবলৈ আৰম্ভ কৰে৷ বংকিমৰ কাতৰ চিঞৰত আনশ্রমিক মৃগেনে বংকিমক উদ্ধাৰৰ বাবে কুঁৱাটোত নামি পৰে৷ মৃগেনে বংকিমক উদ্ধাৰ কৰি ওপৰলৈ উঠি আহি থকা সময়তে আকস্মিকভাৱে দুয়ো প্রায় ৩০ ফুট গভীৰ দ কুঁৱাটোৰ পানীত সোমাই পৰে৷
স্থানীয় ৰাইজে ঘটনাটো জানিব পাৰি নুনমাটি আৰক্ষীক অৱগত কৰে৷ নুনমাটি আৰক্ষীয়ে ততালিকে এছডিআৰএফ বাহিনীৰ এটা দল লৈ ঘটনাস্থলীত উপস্থিত হৈ শ্রমিক দুজনক উদ্ধাৰ কৰিবলৈ প্রচেষ্ট চলাই যদিও কুঁৱাটোৰ পৰা শ্রমিক দুজনক মৃত অৱস্থাতহে উদ্ধাৰ কৰে৷ আৰক্ষীয়ে মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷