নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ঃ সন্ধিয়া ৬ বজাৰ পূর্বে বন্ধ প্রৱেশদ্বাৰ

নিয়মীয়া বাৰ্তা, ৬ মে’ :  ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দুসপ্তাহৰ বাবে পুনৰ লকডাউন বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই চৌহদত কেতবোৰ প্রশাসনিক নীতি–নিয়মৰ সালসলনি কৰিছে৷

৪ মে’ৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক জাননী অনুসৰি অহা ১৭ মে’ পর্যন্ত বিশ্ববিদ্যালয়ৰ ভিতৰৰ–বাহিৰৰ সকলো প্রৱেশদ্বাৰ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব৷ তেনেদৰে পঞ্চাশ শতাংশ কর্মচাৰীৰে প্রশাসনীয় বা আন কাম–কাজ চলোৱা হ’ব৷ তদুপৰি বিশ্ববিদ্যালয়ৰ চলি থকা নির্মাণকার্যসমূহ চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি সম্পন্ন কৰা, ১৭ মে’লৈ ঘৰুৱা সহায়কাৰীৰ প্রৱেশত বাধা আৰোপ কৰা, ই–কমার্চ ডেলিভাৰীৰ অনুমতি দিয়া, বাহিৰা লোকৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷

You might also like