মঠঘৰীয়াত বিয়াৰ পূর্বে যুৱতীৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৬ মে’ : মহানগৰীৰ মঠঘৰীয়াত সোমবাৰে নিশা এগৰাকী যুৱতীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্র কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷
আৰক্ষী সূত্রে জানিব পৰা মতে, মঠঘৰীয়াৰ দীপালী মহন্ত নামৰ যুৱতীগৰাকীয়ে কালি নিশা শোৱনী কোঠাতে আত্মহত্যা কৰে৷ পুৱা পৰিয়ালৰ লোকে যুৱতীগৰাকীক চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে পাছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জিএমচিএইচলৈ প্রেৰণ কৰে৷ জিএমচিএইচৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালক গোটাই দিয়ে৷
উল্লেখ্য যে যুৱতীগৰাকীৰ নলবাৰীৰ মুকালমুৱাৰ এজন যুৱকৰ সৈতে বিবাহৰ দিন ঠিক কৰা হৈছিল৷ অহা ৮ মে’ত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল যদিও লকডাউনৰ বাবে বিবাহৰ কার্যসূচী পিচুৱাই দিয়া হৈছিল৷ সেই সময়তে যুৱতীগৰাকী ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷