নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা উপায়ুক্তক সাক্ষাৎ বৃহত্তৰ ছাগলী মাংস ব্যৱসায়ী সন্থাৰঃ ৫০ শতাংশ বিপণী খোলাৰ অনুমতিৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৬ মে’ : সমগ্র দেশৰ লগতে মহানগৰীতো চলি আছে তৃতীয় পর্যায়ৰ লকডাউন৷ এই লকডাউনৰ বাবে গুৱাহাটীত এইপর্যন্ত বন্ধ হৈ আছে ছাগলী মাংসৰ দোকান৷লকডাউন আৰম্ভ হোৱাৰ পৰা বিগত ৪৩ দিনে মহানগৰীৰ ১৬০খন ছাগলী মাংসৰ দোকানত ওলমি আছে তলা৷ ফলত এতিয়া হাহাকাৰ লাগিছে এই ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ৷ সেয়েহে ইয়াৰ এক সমাধান বিচাৰি মঙলবাৰে কামৰূপ জিলা উপায়ুক্তৰ কার্যালয়ত উপস্থিত হ’ল বৃহত্তৰ গুৱাহাটী ছাগলী মাংস ব্যৱসায়ী সন্থা৷

উপাযুক্ত বিশ্বজিৎ পেগুক সাক্ষাৎ কৰি সন্থাৰ সভাপতি মুছলিম আলী আৰু সম্পাদক মকবুল আহমেদে মহানগৰীত ছাগলী মাংস বিক্রীৰ অনুমতি প্রদান কৰিবলৈ অনুৰোধ জনায়৷ তদুপৰি সন্থাৰ বিষয়ববীয়াসকলে   সামাজিক দূৰত্ব বর্তাই ৰাখি মাংসৰ দোকানসমূহ খোলাৰ প্রতিশ্রুতি প্রদান কৰে উপায়ুক্তক, যাৰ বাবে সকলো দোকান সম্পূর্ণ নহ’লেও ৫০ শতাংশ মাংসৰ দোকান খুলি দিবলৈ অনুৰোধ কৰে বৃহত্তৰ গুৱাহাটী ছাগলী মাংস ব্যৱসায়ী সন্থাই৷

উল্লেখ্য যে গুৱাহাটীত কচাইৰ দোকান বন্ধ  হৈ থকাৰ বিপৰীতে মহানগৰবাসীক ছাগলী মাংস যোগান ধৰি আহিছে হাঁহ–কুকুৰা আৰু পশুধন উন্নয়ন নিগমে৷ কিন্তু মহানাগৰিকৰ চাহিদা অনুপাতে মাংস যোগান ধৰিব পৰা নাই নিগমে৷ ফলত এই অসুবিধা দূৰ কৰাৰ লগতে কচাইসকলৰ জীৱিকা পুনৰ উজ্জীৱিত কৰিবলৈ উপায়ুক্তক অনুৰোধ কৰিছে সন্থাৰ সভাপতি মুছলিম আলীয়ে৷ উল্লেখ্য যে গুৱাহাটীত কচাইৰ দোকানত নিতৌ বিক্রী হয় ৪০০ৰ পৰা ৫০০টা গোটা ছাগলী৷

You might also like