নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণিতৰ শিক্ষকৰ পৰা সন্ত্ৰাসবাদীলৈঃ কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ ক্ৰমাগত সাফল্য

নিয়মীয়া বাৰ্তা, ৭ মে’ : দেশ তথা বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ সমান্তৰালভাৱে কাশ্মীৰৰ পৰিৱেশ হৈ উঠিছে অধিক জংগী । সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সঘন সংঘৰ্ষত কেইবাজনো আৰক্ষী আৰু সেনাৰ মৃত্যুৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে সন্ত্ৰাসবাদী সংগঠনৰ নেতা-কেডাৰক । মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত দ্বিতীয়টো সাফল্য লাভ কৰে সেনা-আৰক্ষীয়ে ।

বৃহস্পতিবাৰে জম্মুৰ ডোডা জিলাৰ শিবা গাঁৱৰ পৰা সেনা-আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হিজবুল মুজাহিদীনৰ এটা সন্ত্ৰাসবাদীক । হিজবুলৰ গ্ৰাউণ্ড ৱৰ্কাৰ হিচাপে কাম কৰা এই সন্ত্ৰাসবাদীটো হৈছে ৰাকিব আলম । গণিতৰ অধ্যাপকৰ পৰা সন্ত্ৰাসবাদী সংগঠনৰ গ্ৰাউণ্ডত কাম কৰা ৰাকিবৰ পৰা এটা পিষ্টল আৰু ওৱাইৱাৰলেছৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বহু আপত্তিজনক নথি-পত্ৰ । ৰাকিব আলমৰ জেৰাৰ অন্তত বহুখিনি তথ্য ফাদিল হৈছে হিজবুল মুজাহিদীন সম্পৰ্কত ।

ৰাকিব আলম

ইফালে, এটা দিন পূৰ্বে হিজবুল মুজাহিদীনৰ জম্মু-কাশ্মীৰৰ অপাৰেশ্যনেল ছিফ ৰিয়াজ নাইকুক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছিল সেনা আৰু আৰক্ষীৰ এটা দলে । সেনাৰ তৰফৰ পৰা ছিফ অপাৰেশ্যনেল নাইকুৰ মৃত্যু ডাঙৰ সাফল্য বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে । এসময়ত গণিতৰ অধ্যাপক নাইকুক সংগঠনত মাষ্টৰজী নামেৰে মাতিছিল সকলোৱে । সাধাৰণ মানুহৰ লগতে বহু আৰক্ষীৰ হত্যাতো জড়িত আছিল এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটো । কাশ্মীৰৰ যুৱ সমাজক সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কামত সদায়ে ব্যস্ত আছিল নাইকু । পুলৱামা জিলাৰ ৱাগপোৰা গাঁৱৰ এটা ঘৰত লুকাই আছিল ৰিয়াজ নাইকু । অসুস্থ মাতৃক দেখা কৰাৰ বাবে গাঁওখনত উপস্থিত হৈছিল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকু । সেইসময়তে নিৰাপত্তাৰক্ষীৰ দলে সমগ্ৰ ঘৰতো আগৰি লৈ ৪০ কেজি ওজনৰ আই ই ডি ব্যৱহাৰ কৰি ধ্বংস কৰে ঘৰতো । ফলত তাতেই মৃত্যু হয় হিজবুল মুজাহিদীনৰ মাষ্টৰজী নামেৰে খ্যাত ৰিয়াজ নাইকু ।

You might also like