বাইহাটা আৰক্ষীৰ সাফল্যঃ ২৪ ঘন্টাৰ ভিতৰত বাইক চোৰ আটক, জেললৈ প্ৰেৰণ
নিয়মীয়া বার্তা, ১১ মেঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত দুজন বাইক চোৰক নিজ গৃহৰ পৰা আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা কাৰ্যত অঞ্চলটোৰ সচেতন মহলে আদৰণি জনাইছে ।
উল্লেখ্য যে লক ডাউন চলি থকা সময়ত দেওবাৰে বাইহাটা চাৰিআলিৰ পিয়লিখাটা তিনি আলীৰ পৰা AS 01 DX 2091 নম্বৰ এখন পালচাৰ বাইক চুৰি হয় । ভুক্তভোগী বাইকৰ গৰাকীয়ে লগে লগে বাইক চুৰি প্ৰসংগত বাইহাটা চাৰিআলিৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী । যাৰ বাবে গোপন সূত্ৰৰ পম খেদি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা আৰু তদন্তকাৰী বিষয়া কামদেৱ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি পুৱতিনিশা দুই বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ।
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আতক কৰা দুই বাইক চোৰ হৈছে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা (দক্ষিণ)ৰ নুৰহুছেই আৰু একেখন আৰক্ষী থানাৰ অন্তৰ্গত বাহবাৰীৰ চফিউল্লাহ আলীৰ পুত্ৰ জিয়াউৰ ৰহমান । আৰক্ষীয়ে দুই বাইক চোৰক নিজ গৃহৰ পৰা বাইক সহ আটক কৰিবলৈ সক্ষম হয় ।
আজি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ১৪১/২০গোচৰৰ ভিত্তিত দুই বাইক চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। বাইহাটা আৰক্ষীয়ে অতি তৎপৰতাৰে ২৪ ঘন্টাৰ ভিতৰত চুৰি হোৱা বাইক উদ্ধাৰ কৰি চোৰক জেল হাজোতলৈ প্ৰেৰণ কৰাত অঞ্চলটোৰ বিভিন্ন জন ব্যক্তিয়ে আৰক্ষীৰ শলাগ লৈছে ।