বিয়াৰ পিছদিনাই কুঁৱাত জঁপিয়াই আত্মহত্যা দৰাৰ
নিয়মীয়া বার্তা, ১১ মেঃ লকডাউনৰ মাজতে বিয়া পাতি পিছদিনা এজন যুৱকে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ শৰীৰৰ পৰা বিয়াৰ মা–হালধিৰ গোন্ধ আঁতৰ নৌহওঁতেই যুৱকজনে আত্মহত্যা কৰা ঘটনাই ৰাইজক সচকিত কৰি তুলিছে৷ এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় গুৱাহাটীৰ নুনমাটি থানাৰ অন্তর্গত নাৰেংগীৰ শান্তিনগৰত৷ আৰক্ষীৰ সূত্রই জনোৱা মতে, নাৰেংগীৰ শান্তিনগৰৰ বাসিন্দা বিকাশ কলিতাই (২৬) ওচৰৰ মনীষা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে প্রেমৰ সম্পর্ক বজাই ৰাখিছিল৷ প্রেমজনিত কাৰণত শুকুৰবাৰে হিন্দু ধর্মৰ নিয়ম–নীতি মতে মনীষাক বিয়া কৰায়৷ কইনাক ঘৰলৈ আনি সিদিনা নিশাই বিকাশে পত্নী মনীষাৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু ঘৰৰ ওচৰৰ কুঁৱাত জঁপিয়াই দৰাজনে আত্মহত্যা কৰে৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক উপস্থিত হৈ কুঁৱাৰ ভিতৰৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷