যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত সৰ্বাধিক লোক
নিয়মীয়া বাৰ্তা ১১ মেঃ দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৬৭,০০০ পাৰ কৰিছে। দেশত এতিয়া ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬৭১৫২ জন। যোৱাটো ২৪ ঘণ্টাত সৰ্বাধিক ৪২১৩ জন নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে। যিটো অভিলেখ সংখ্যক হিচাপে বিবেচিত হৈছে।
আনহাতে যোৱা ২৪ ঘণ্টাতে ৯৭ জন লোকৰ মৃত্যু হৈছে। লগতে ২০৯১৬ জন লোক সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে। ২২০৬ জন লোকৰ এই মহামাৰীত মৃত্যু হৈছে। দেশত সুস্থতাৰ হাৰ ৩১.১%। স্বাস্থ্য মন্ত্ৰালয়ৰ আয়ুক্ত লৱ আগৰৱালাই এই কথা জানিবলৈ দিছে।