মডেল পুনম পাণ্ডেৰ বিৰুদ্ধে গোচৰ
নিয়মীয়া বাৰ্তা, ১২ মেঃ প্রায়েই বিতর্কত থকা মুম্বাইৰ অভিনেত্রী তথা মডেল পুনম পাণ্ডেৰ বিৰুদ্ধে লকডাউনৰ নিয়ম ভংগৰ অভিযোগ উঠিছে৷ ক’ৰোনা ভাইৰাছ সংক্রমণৰ সময়তে মডেলগৰাকীয়ে লকডাউনৰ নিয়ম উলংঘন কৰাৰ বাবে মেৰিন ড্রাইভ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে৷ পুনম পাণ্ডেয়ে কোনো কাৰণ নোহোৱাকৈ নিজা গাড়ীৰে মেৰিন ড্রাইভত ঘূৰি ফুৰিছিল৷ যাৰ বাবে আৰক্ষীয়ে পাণ্ডে আৰু ছাম আহমেদ ব’ম্বেৰ বিৰুদ্ধে ভাৰীয় দণ্ডবিধিৰ ২৬৯, ১৮৮ ধাৰাত এটা গোচৰ ৰুজু কৰে৷ মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী পৰিদর্শক মৃত্যুঞ্জয় হায়েৰ মাথে সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়ে৷