নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ ৰে’লসেৱাঃ ১৬.১৫ কোটিৰ টিকট বিক্রী

নিয়মীয়া বাৰ্তা, ১৩ মে’ : কেন্দ্রীয় চৰকাৰে মঙলবাৰৰে পৰা দেশৰ কেইখনমান গুৰুত্বপূর্ণ চহৰৰ মাজত ৰে’ল চলাচল আৰম্ভ কৰাৰ পাছতে অহা এসপ্তাহৰ বাবে ১৬.১৫ কোটি টকাৰ টিকট অনলাইনযোগে বিক্রী হৈছে ৷ ৪৫,৫৩৩টা টিকট ইতিমধ্যে বিক্রী হৈছে ৷ ভাৰতীয় ৰে’লৱে মঙলবাৰে এই কথা জানিবলৈ দিছে ৷ উল্লেখ্য যে ভাৰতীয় ৰে’লৱেই দিল্লীক কেন্দ্র কৰি দেশৰ ১৫খন চহৰলৈ ১৫টা পেয়াৰযোগে বিশেষ ৰে’লসেৱা আৰম্ভ কৰিছে ৷ ভাৰতীয় ৰে’লৱেই ইয়াৰ পূর্বে জনাইছিল যে ৩ ঘণ্টাৰ ভিতৰতে প্রায় ৫৪ হাজাৰ টিকট আইআৰচিটিচিযোগে বুকিং হৈছিল ৷ ৰে’লৱে বিভাগে প্রকাশ কৰা নির্দেশনা অনুসৰি এই বিশেষ ৰে’লসেৱাত যাত্রীসকলে নিজে খোৱাবস্তু আনিব লাগিব আৰু ৰে’ল এৰাৰ ৯০ মিনিট পূর্বে ষ্টেচনত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব ৷ প্রণিধানযোগ্য যে লকডাউনৰ বাবে যোৱা ২৫ মার্চৰ পৰা ভাৰতত যাত্রীবাহী ৰে’লসেৱা বন্ধ হৈ আছিল ৷ অৱশ্যে প্রব্রজিত শ্রমিক, ছাত্র–ছাত্রী, তীর্থযাত্রীকে ধৰি বিভিন্ন কাৰণত দেশৰ ভিন্ন প্রান্তত থকা লোকসকলক গৃহৰাজ্যলৈ অনাৰ বাবে কেন্দ্রীয় চৰকাৰে ১ মে’ৰ পৰা বিশেষ শ্রমিক ৰে’লৰ ব্যৱস্থা কৰিছিল ৷

You might also like