নিয়মীয়া বাৰ্তা, ১৩ মে’ : জম্মু–কাশ্মীৰত পুনৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদী সংগঠনে ভয়ংকৰ কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ পৰিকল্পনা ৰচিছে ৷ ৰাজ্যখনত জইচ–ই–মহম্মদে এলানি আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰিছে৷ এই পৰিকল্পনাত সংগঠনটোৱে ব্যৱহাৰ কৰিছে স্থানীয় যুৱকক ৷ নিৰাপত্তা সংস্থাসমূহৰ পৰা লাভ কৰা এই ভয়ংকৰ তথ্যৰ পাছতেই কাশ্মীৰ উপত্যকাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ সূত্রটোৱে জনোৱা মতে, জইচ–ই–মহম্মদৰ বহু সদস্যই কাশ্মীৰত প্রৱেশ কৰিছে ৷ আনহাতে, পাকিস্তান সীমান্তত সন্ত্রাসবাদীয়ে লন্সপেড তৈয়াৰ কৰি অনুপ্রৱেশৰ বাবে সাজু হৈ আছে বহুসংখ্যক সন্ত্রাসবাদী ৷ সূত্রটোৱে আৰু জনোৱা মতে, সন্ত্রাসবাদীৰ শিবিৰ সীমান্তত ২০০–২৫০ৰ পৰা ৪০০–৪৫০লৈ বৃদ্ধি পাইছে৷ ছুইচাইড বোমাৰু হিচাপে সংগঠনটোৱে স্থানীয় যুৱকক ব্যৱহাৰ কৰিছে৷ উল্লেখ্য যে যোৱা কিছুদিন ধৰি কাশ্মীৰত সন্ত্রাসবাদীৰ কার্যকলাপ বৃদ্ধি পাইছে৷ ভাৰতীয় সেনা–আৰক্ষীয়ে এনকাউণ্টাৰ চলাই চলিত বছৰতে ৬৪টা সন্ত্রাসবাদীক হত্যা কৰিছে আৰু ৩৪টাক গ্রেপ্তাৰ কৰিছে৷ যোৱা এপ্রিল মাহতে ৰাজ্যখনত ২৮টা সন্ত্রাসবাদীৰ মৃত্যু হৈছে ৷ কেইদিনমান পূর্বে হিজবুলৰ কমাণ্ডাৰ ৰিয়াজ নাইককো হত্যা কৰিছিল ভাৰতীয় সেনাই ৷