চন্দ্রপুৰৰ ব্রহ্মপুত্র ঘাটত চলিছে ৪ অবৈধ বালি মহল
একাংশ বন বিষায়ক মেনেজ কৰি গেইলৰ নামত বনজ সম্পদৰ চোৰাং বেহা
নিয়মীয়া বাৰ্তা,১৩ মে’ : সমগ্র ৰাজ্যত তৃতীয় পর্যায়ৰ লকডাউন চলি থকাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ হৈ তেনে সময়তে এচাম ব্যৱসায়ীয়ে বন বিভাগৰ লগত গোপন বুজাবুজি কৰি বনজ সম্পদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে৷ মহানগৰীৰ পূব কামৰূপ বন সংমণ্ডলৰ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অন্তর্গত নাৰেংগী আৰু চন্দ্রপুৰ খণ্ড বন বিষয়াৰ কার্যালয় এলেকাত বিগত কিছুদিনৰ পৰা এচাম ব্যৱসায়ীয়ে দিনে–নিশাই ব্রহ্মপুত্রৰ দাঁতিকাষৰীয়া বালিমাটিক লৈ এক ছিণ্ডিকেটৰাজ চলাই আছে৷ চন্দ্রপুৰ খণ্ড বন বিষয়াৰ কার্যালয় এলেকাৰ খাংকৰ, নেপালীবস্তি, হাজোংবড়ি আৰু ডুমপাৰা ঘাটৰ লগতে নাৰেংগী খণ্ড বন কার্যালয় এলেকাৰ ৰাজ্যবাৰী, তিনিটুকুৰাত অসাধু চক্রটোৱে বন বিভাগক মেনেজ কৰি বালিমাটিৰ চোৰাং ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷ অসাধু চক্রটোৱে নিশা ১০ বজাৰ পৰা পুৱতি নিশা ৭ বজালৈ ব্রহ্মপুত্রৰ বুকুত এক্সকেভেটৰৰ সহায়ত বালিমাটি খনন কৰি ডাম্পাৰ আৰু ডিআই পিকআপ ভানৰ সহায়ত অতিৰিক্তভাৱে বোজাই দি নাৰেংগী–চন্দ্রপুৰ সংযোগী ঘাইপথেৰে সৰবৰাহ কৰি আহিছে৷ দিনে–নিশাই অসাধু চক্রটোৱে এনেদৰে অবৈধভাৱে বালিমাটি সৰবৰাহ কৰি আহিছে যদিও চকুমুদা কুলিৰ ভাও জুৰি আছে বন বিভাগৰ লগতে আৰক্ষী প্রশাসন৷ উল্লেখ্য যে অসাধু চক্রটোৱে বালি খনন ছিণ্ডিকেটৰাজ চলাই প্রতিখন বালি কঢ়িওৱা ডাম্পাৰৰ পৰা এবাৰত ৪০০ ৰ পৰা ৫০০ টকাপর্যন্ত আদায় লোৱাৰ বিপৰীতে প্রতিখন ডাম্পাৰৰ পৰা ১০০ৰ পৰা ২০০ টকা আদায় লয়৷ ইপিনে বালিমাটি কঢ়িওৱা ডাম্পাৰ আৰু বলেৰ’ পিকআপ ভানসমূহৰ পৰা জানিব পৰা মতে পানীখাইতীস্থিত গেইলৰ নির্মাণকার্যত ব্যৱহাৰৰ বাবে কঢ়িওৱা বুলি কয় যদিও প্রকৃততে গেইলৰ নাম লৈ অসাধু চক্রটোৱে বালিমাটিৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷