নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবাৰ বা দুবাৰ নহয় পঞ্চমবাৰ বিয়া পাতি ৰঙাঘৰলৈ লম্পট যুৱক

নিয়মীয়া বাৰ্তা, ১৩ মে’ : লকডাউনৰ মাজতে পাঁচ নম্বৰজনীক বিয়া পাতি সাতগাঁও আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ গুৱাহাটীৰ সাতগাঁও আমবাৰীৰ পৰা গ্রেপ্তাৰ কৰা যুৱকজন হৈছে দৰঙৰ দলগাঁৱৰ জিয়াউল হক ৷ উল্লেখ্য যে দলগাঁৱৰ বাসিন্দা হকে ২০১৩ চনত মিছা প্রলোভনেৰে বাইহাটা চাৰিআলিৰ বিউতিমা বেগম নামৰ যুৱতীগৰাকীক সামাজিকভাৱে বিয়া পাতে ৷ স্বামীগৃহলৈ আহি বিউতিমা বেগমে জিয়াউলে পূর্বতে চাৰিগৰাকীক বিয়া পতাৰ লগতে চুৰি, ডকাইতি আৰু এটিএম লুটৰ ঘটনাত জডিত থকা বুলি উমান পায় ৷ ইয়াৰ মাজতে বিউতিমা বেগমে স্বামীৰ সৈতে বহু কষ্টৰ মাজেৰে বসবাস কৰি আছিল ৷ এটি কন্যা সন্তান জন্ম হোৱাৰ পিছত স্বামী জিয়াউলে পত্নীক মাতৃগৃহৰ পৰা যৌতুকৰ ধন আনি দিয়াৰ নামত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে ৷ লকডাউনৰ সময়ত বিউতিমাক কৌশলেৰে মাতৃগৃহলৈ পঠিয়াই জিয়াউলে আন এগৰাকীক অপহৰণ কৰি গুৱাহাটীৰ সাতগাঁৱৰ আমবাৰীত থাকিবলৈ লয় ৷ এই বিষয়ে জানিব পাৰি বিউতিমা বেগমে পৰিয়ালৰ সৈতে সাতগাঁৱৰ আমবাৰীলৈ আহি বিচাৰ–খোঁচাৰ কৰি জিয়াউল হকসহ মহিলাগৰাকীক কৰায়ত্ত কৰি সাতগাঁও থানাত গতাই দিয়ে ৷ আৰক্ষীয়ে এই সন্দর্ভত তদন্ত কৰি জীয়াউল হক গুৱাহাটীৰ কেইবাটাও এটিএম লুটৰ ঘটনাত জড়িত থকাবুলি দাবী কৰিছে ৷

You might also like