নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনী বুঢ়া হোৱা নাই : মাতৃ দেবাকী

নিয়মীয়া বাৰ্তা, ১৩ মে’ : ভাৰতীয় ক্রিকেট দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহেন্দ্র সিং ধোনীৰ শেহতীয়া এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেলে হোৱাত ইয়াক লৈ ব্যাপক চর্চা হৈছে ৷ ধোনীৰ এই ছবিখনক লৈ অনুৰাগীসকল নিৰাশ হৈছে আৰু তেওঁলোকে পৃথক পৃথক প্রতিক্রিয়া ব্যক্ত কৰিছে ৷ প্রতিক্রিয়া ব্যক্ত কৰি কিছুসংখ্যক অনুৰাগীয়ে কয় যে তেওঁলোকৰ সিংহ বুঢ়া হৈ গৈ আছে ৷ অনুৰাগীসকলৰ এই মন্তব্যৰ প্রত্যুত্তৰ দি মহেন্দ্র সিং ধোনীৰ মাতৃ দেবাকী দেৱীয়ে কয় যে তেওঁৰ ল’ৰা বুঢ়া হোৱা নাই ৷ তেওঁৰ ল’ৰাই চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অষ্ট্রেলিয়াত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনত অংশ লোৱা সন্দর্ভত চিন্তা–চর্চা কৰি আছে৷ ধোনীৰ নতুন চেহেৰা প্রত্যক্ষ কৰি মাতৃ দেবাকী দেৱীয়ে কয় যে ছবিখনত ধোনীক যিমান বুঢ়া দেখা গৈছে আচলতে সিমান হোৱা নাই৷ সকলোৰে মাকৰ মনত তেওঁলোকৰ সন্তান কেতিয়াও বুঢ়া নহয়৷ টি–২০ বিশ্বকাপত ধোনীৰ অংশগ্রহণ সন্দর্ভত মন্তব্য দাঙি ধৰি উইকেটকীপাৰ বেটছমেনগৰাকীৰ মাতৃগৰাকীয়ে কয় যে প্রথমে ক’ৰোনা ভাইৰাছৰ আতংক আঁতৰিবলৈ দিয়া, তাৰ পাছত তেওঁ কি সিদ্ধান্ত লয় সেয়া দেখা যাব৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে পৰিয়ালসহ ধোনী ঘৰতে আবদ্ধ হৈ আছে ৷

You might also like