নিয়মীয়া বাৰ্তা, ১৪ মে’ : ৰিয়েল এষ্টেটৰ যিবোৰ প্রকল্প চলি আছে, তাৰ ম্যাদ আৰু তিনি মাহ বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ অধীনত বেংক গেৰাণ্টীৰ এটা অংশও ঘূৰাই দিয়া হয় ৷ পাব্লিক–প্রাইভেট সংস্থায়ো এই সুবিধা লাভ কৰিব ৷ আনহাতে, ৰে’লপথ, স্থলপথ আৰু অন্যান্য ক্ষেত্রত চৰকাৰী কাম কৰি থকা ঠিকাদাৰসকলে নিজৰ কাম সম্পূর্ণ কৰিবলৈ ৩ৰ পৰা ৬ মাহ অতিৰিক্ত সময় লাভ কৰিব ৷ উক্ত প্রকল্পসমূহৰ অধীনত ঠিকাদাৰসকলে ঋণৰ বাবেও আবেদন কৰিব পাৰিব ৷