- অৰূপ কলিতা
ৰে’লআলিত পৰি ৰোৱা কেইখনমান আধাপোৰা ৰুটী৷ চাৰিওফালে সিঁচৰতি হৈ আছে মাংসপিণ্ড৷ কেঁচা মঙহৰ লগত মিলি হৈছে ৰুটীৰ টুকুৰা৷ যোৱা ৮ মে’ৰ পুৱা দূৰদর্শন–ম’বাইলৰ স্ক্রীনত ভাহি অহা এটা দৃশ্য৷ এই ছবি আছিল মহাৰাষ্ট্রৰ ঔৰংগাবাদৰ৷ মহাৰাষ্ট্রৰ জালনাৰ পৰা ২১জন শ্রমিক ৰাওনা হৈছিল মধ্যপ্রদেশ অভিমুখে৷ মধ্যপ্রদেশৰ ভুছাৱলত তেওঁলোকৰ ‘দেশ’৷ মজদুৰৰ ভাষাত জন্ম গাঁওখনেই তেওঁলোকৰ ‘দেশ’৷ সেই ‘দেশ’ৰ পৰিসীমা অতিক্রমি তেওঁলোক আহিছিল মহাৰাষ্ট্রৰ জালনাৰ এটা ষ্ট্রীল প্লাণ্টত কাম কৰিবলৈ৷ লকডাউনৰ বাবে ২৪ মার্চৰ পৰাই বন্ধ হৈ পৰে ফেক্টৰী৷ সোনকালে যে খুলিব তাৰো কোনো সম্ভাৱনা নাই৷ ইফালে, গাঁৱৰ পথাৰতে গেলি গৈছে খেতিৰ ফচল৷ অনিশ্চয়তাৰে ভৰা এই সময়ত তেওঁলোকে লৈছিল এটা নিশ্চিত সিদ্ধান্ত৷ সাচতীয়া টকাকেইটা লগত লৈ তেওঁলোক যাব ঘৰলৈ৷ নিজৰ ‘দেশ’লৈ৷ অন্ততঃ পত্নী–সন্তানৰ কাষত সাত্ব্ন্না হৈ থিয় হ’ব পাৰিব৷ ৰে’লআলিৰ নির্দেশনাকে গন্তব্য স্থান অভিমুখী পথ বুলি বাছি লৈছিল৷ প্রায় ৫৭ কিলোমিটাৰ পথ খোজকঢ়াৰ পাছত খন্তেক জিৰাবলৈ বহিছিল ৰে’লৰ ছিৰিত৷ ভাগৰে জুমুৰি দি ধৰিলে আৰু তাতেই টোপনিত লালকাল দিলে৷ সেই যে টোপনি আহিল, তাৰ পাছত আৰু সাৰ নাপালে৷ পুৱতিনিশা এখন মালবাহী ৰে’লে মহটিয়াই নিলে শ্রমিকৰ দলটোক৷ পুৱাৰ পোহৰত দেখা গ’ল ৰে’লআলিত পৰি ৰৈছে ১৬জনকৈ শ্রমিকৰ দীঘলীয়া যাত্রাপথৰ শেষ সম্বল আঠ–দহখন ৰুটী আৰু এটা নিশ্চিত সিদ্ধান্তৰ শেষ পৰিণতি কেঁচা মাংসৰ টুকুৰাবোৰ৷ মহাৰাষ্ট্রৰ এই দৃশ্য দেখি কঁপি উঠিল ভাৰতীয়ৰ বিবেক৷ ‘বন্দে ভাৰত মিছন’ক লৈ ব্যস্ত থকা কেমেৰাবোৰত আবদ্ধ হ’বলৈ ধৰিলে লাখ লাখ ঘৰমুৱা মজদুৰৰ ‘দেশ যাত্রা’ৰ ছবি৷ ১৯৪৭ৰ দেশ বিভাজনৰ সময়তকৈও অবর্ণনীয় পৰিস্থিতি এতিয়া সমগ্র ভাৰতব্যাপী৷ আমাৰ দেশ ভাৰতবর্ষৰ লাখ লাখ মজদুৰ মজবুৰ হৈ ওলাই আহিছে ৰাজপথলৈ৷ তেওঁলোক বাধ্য৷ উদ্যোগ–কাৰখানা বন্ধ, জীৱন–জীৱিকা অনিশ্চয়তাত৷ ‘দেশ’ অথবা ঘৰেই এতিয়া শেষ লক্ষ্যৰ ঠিকনা৷ দেশত চলিছে লকডাউন, সামাজিক দূৰত্ব৷ মাস্ক অবিহনে পথত খোজ দিয়া অপৰাধ৷ সেই বাবেই আৰক্ষীৰ চকুৰ পৰা বাচিবলৈ বাছি লৈছে ৰে’লআলি৷ প্রাপ্য বিচাৰি কৰা লং মার্চৰ দৃশ্য নহয় এয়া৷ ধর্মীয় শোভাযাত্রাও নহয়৷ মজবুৰ মজদুৰ মিছিল এয়া– নিজৰ ‘দেশ’ অভিমুখে৷ খালী পেট, শূন্য পকেট লৈ তেওঁলোকে প্রতিদিনে অতিক্রম কৰিছে মাইলৰ পাছত মাইল৷ গুৱাহাটীৰ উজানবজাৰৰ পৰা মনহৰ সিং আৰু তেওঁৰ সহযোগীসকল যদি খোজকাঢ়ি বিহাৰৰ মাধেপুৰলৈ ৰাওনা হৈছে, শিলিগুৰিৰ পৰা ৰে’লআলিয়েদি দেশলৈ উভতিছে নগাঁও, মৰিগাঁও, তেজপুৰৰ ১৯জনীয়া যুৱকৰ দল৷ পলিথিনত চিৰা, মুড়ি বান্ধি ২ মে’ৰ দিনাই তেওঁলোকে ভাৰাঘৰ এৰি ৰাওনা হৈছিল অসম অভিমুখে৷ তিনি দিন খোজকাঢ়ি তেওঁলোক উপস্থিত হয় ধূপগুৰি ষ্টেচনত৷ ৰে’লৱে অভাৰব্রিজৰ তলত খান্তেক জিৰাওঁতেই সংবাদ মাধ্যমৰ কেমেৰাত আবদ্ধ হয় অসমৰ যুৱককেইজনৰ ছবি– অৱশ, অলস, ভাগৰুৱা ৷
দিল্লীলৈ কাম বিচাৰি বিহাৰৰ পৰা আহে বহু শ্রমিক৷ দিন মজদুৰি কৰি দুপইচা উপার্জন কৰে৷ কোঠা নামৰ চাৰিবেৰৰ আশ্রয় এটাত তেওঁলোক থাকে৷ দিনে উপার্জন কৰে, তাৰ পৰাই ঘৰভাৰা দিয়ে, খায়, পৰিয়াল চলায়৷ কিন্তু লকডাউনত সকলো বন্ধ৷ দিল্লীৰ পৰা কেইজনমান শ্রমিক চাইকেল লৈ ৰাওনা হয় বিহাৰৰ পূব সম্পাৰণ জিলালৈ৷ ঘৰ নাপালেগৈ৷ লক্ষ্ণৌত গাড়ীৰ খুন্দাত মৃত্যু হয় সগীৰ আনছাৰি নামৰ ২৬ বছৰীয়া যুৱকজন৷ লক্ষ্ণৌ চহৰতে চাইকেলত নিজৰ পত্নীক লৈ ছত্তিশগড়লৈ গৈ থকা আন এটা শ্রমিক দম্পতীও গাড়ীৰ খুন্দাত নিহত হয়৷ চকুৰ সন্মুখতে সহযাত্রীৰ মৃত্যু হৈছে৷ কিন্তু স্থবিৰ সময়ত থমকি ৰোৱাৰ অৱকাশ নাই৷ ৰাজপথ–ৰে’লআলিত মানুহৰ লানি নিছিগা শাৰী৷ কোঁচত সন্তান, মূৰত কাপোৰ–কানি, বাচন–বর্তনৰ বোজা৷ শুদা হাত–খালী ভৰি৷ ছেণ্ডেল ছিগি গৈছে৷ ভৰি ফাটি তেজ ওলাইছে৷ শিশু সন্তানক এই মহাদুর্যোগৰ পৰা বচাবলৈ ভৰিত পিন্ধাই দিছে পলিথিনৰ কৱচ৷ এয়াই এতিয়া ভাৰতৰ সুলভ ছবি৷ দেশত দুর্দিন চলিছে৷ মহামাৰী ক’ৰোনা প্রবল পৰাক্রমেৰে বিয়পি পৰিছে বতাহত৷ নেতাসকলে মাস্ক পিন্ধি, ছেনিটাইজাৰেৰে হাত ধুই আশ্রয় লৈছে নিৰাপদ কোঠাত৷ শিশু সন্তান, বৃদ্ধ পিতৃ–মাতৃ বাহিৰলৈ ওলোৱা বন্ধ৷ টিভিত তেওঁলোকে উপভোগ কৰিছে ৰে’লপথ–ৰাজপথত লাখ লাখ আবাল–বৃদ্ধ শ্রমিক পৰিয়ালৰ বিলাই–বিপত্তিৰ দৃশ্য৷ পথত, ষ্টেচনত ভিৰ দেখিলেই মেলি দিয়া হৈছে লাঠীধাৰী আৰক্ষী৷ এইসকল লোকৰ এটাই পৰিচয়৷ পৰিস্থিতিয়ে মজবুৰ কৰা অসহায়, নিৰুপায় মজদুৰ৷ এয়া ভোটৰ বতৰ নহয়৷ সেয়ে মজদুৰৰ ভাগ্যত নাই অহা–যোৱাৰ সুব্যৱস্থা৷ লগত খোৰাকী৷ খোজকঢ়াটোৱে এতিয়া তেওঁলোকৰ একমাত্র নিয়তি৷ হয়তো ক’ৰবাত ট্রাক–বাছৰ সহায় পাইছে৷ তাতেই হেতা–ওপৰা লাগিছে৷ এক মর্মন্তুদ দৃশ্য৷ ছ’চিয়েল ডিষ্টেনছিঙৰ সূত্র য’ত হৈ পৰিছে এটা কৌতুক মাত্র ৷
অৱশেষত যেনিবা সামান্য বোধোদয় হ’ল চৰকাৰ বাহাদুৰৰ৷ ঈষৎ চকু মেলি চালে৷ আজি ৰে’ল মন্ত্রালয়ে সদৰী কৰা মতে, দেশত এতিয়ালৈকে ৫৪২খন শ্রমিক স্পেচিয়েল ৰে’ল চলাচল কৰিছে৷ ৪৪৮খন ৰে’ল লক্ষ্যস্থানত উপনীত হৈছে আৰু ৯৪খন যাত্রাপথত আছে৷ ইয়াৰে উত্তৰ প্রদেশলৈ ২২১খন, বিহাৰলৈ ১১৭খন, মধ্যপ্রদেশলৈ ৩৪খন, ঝাৰখণ্ডলৈ ২৭খন, ৰাজস্থানলৈ ৪খন, মহাৰাষ্ট্রলৈ ৩খন, তেলেংগানালৈ ২খন, পশ্চিমবংগলৈ ২খন, অন্ধপ্রদেশ, হিমাচল প্রদেশ, কর্ণাটক আৰু তামিলনাডুলৈ এখনকৈ ৰে’ল প্রেৰণ কৰা হৈছে৷ প্রতিখন ৰে’লত ১,৭০০জনকৈ শ্রমিক আছে৷ ভাৰতীয় ৰে’লৱেৰ মতে দেশৰ ৬.৪৮ লাখ প্রবাসী মজদুৰক বিশেষ ৰে’লৰ জৰিয়তে নিজৰ ঘৰলৈ প্রেৰণ কৰা হৈছে৷ কিন্তু তাৰ পাছতো যেন শ্রমিকৰ দুর্দশাৰ অন্ত নাই৷ ভোকাতুৰ মানুহৰ অসহায় অৱস্থাই যেন দেশৰ ভৱিষ্যতকে কৰি তুলিছে অন্ধকাৰাচ্ছন্ন৷ ঘৰমুৱা এইসকল শ্রমিক পুনৰ উভতি যোৱাৰ পথ মুকলি হ’ব নে নাই– তাৰ উত্তৰো কাৰো হাতত নাই৷ শ্রমিক অবিহনে উদ্যোগ–বাণিজ্য খণ্ড যে থানবান হৈ যাব– এই পূর্বাভাস এতিয়াই স্পষ্ট হৈ পৰিছে ৷