স্পেইনত আইছ’লেচন ৰুমত থাকিয়ে ক’ৰোনাক জয় কৰিলে ১১৩ বছৰীয়া বৃদ্ধাই
নিয়মীয়া বাৰ্তা, ১৪ মে’ : স্পেইনৰ সবাতোকৈ বয়োবৃদ্ধ এগৰাকী মহিলাই ঘৰতে আইছ’লেচনত থাকি প্রাণঘাতী ক’ৰোনাক জয় কৰাৰ আশ্চর্যজনক ঘটনা পোহৰলৈ আহিছে ৷ যি সময়ত কাষৰীয়া আন বহু লোক ক’ৰোনাত চিকিৎসাৰ পাছতো প্রাণ গৈছিল, তেনে সময়ত মাৰিয়া ব্রানয়াছ নামৰ মহিলাগৰাকীয়ে কেইটামান সপ্তাহ ঘৰতে আইছ’লেচনত থাকি আৰোগ্য লাভ কৰে ৷ আমেৰিকাত জন্মগ্রহণ কৰা এই ১১৩ বছৰীয়া বৃদ্ধাগৰাকীৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ পোহৰলৈ অহাত তেওঁ কেইবাটাও সপ্তাহ ঘৰতে আইছ’লেচনত থকাৰ পাছত পুনৰ পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছ নিগেটিভ বুলি চিকিৎসকে ঘোষণা কৰে ৷ তিনিগৰাকী কন্যাৰ মাতৃ মাৰিয়া বর্তমান সম্পূর্ণ সুস্থ ৷ উল্লেখ্য যে মাৰিয়াৰ জন্ম হৈছিল ১৯০৭ চনৰ ৪ মার্চত ছান ফ্রান্সিছকোত ৷ প্রথম বিশ্বযুদ্ধৰ সময়ত তেওঁ পৰিয়ালৰ সৈতে এখন নাৱত উঠি স্পেইনলৈ আহিছিল ৷ সেই সময়ৰ স্পেনিছ ফ্লু মহামাৰীৰো মহিলাগৰাকী সাক্ষী আছিল ৷