নিয়মীয়া বাৰ্তা, ১৪ মে’ : ক’ৰোনা ভাইৰাছ ক’ভিড–১৯ মহামাৰীৰ সংকট শাম কটাৰ পাছতে ৰাষ্ট্রীয় পর্যায়ত এক ৰাজনৈতিক ভূমিকম্প সংঘটিত হ’ব ৷ বুধবাৰে এই বিস্ফোৰক মন্তব্য কৰিছে মহাৰাষ্ট্রৰ বিজেপিপ্রধান চন্দ্রকান্ত পাটিলে ৷ তেওঁ কয় যে কংগ্রেছ নেতৃত্বই তেওঁলোকৰ নেতাসকলক একত্রিত কৰি ৰখাৰ চেষ্টা কৰা উচিত ৷ কিয়নো তেওঁলোকৰ বহুসংখ্যক নেতাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে ৷ মই শুনিবলৈ পাইছোঁ যে এজন ৰাজ্যিক পর্যায়ৰ কংগ্রেছ নেতাই (প্রবীণ বিজেপি নেতা) একনাথ খড়ছেক প্রলোভিত কৰাৰ চেষ্টা কৰিছে ৷ তেওঁ জনা উচিত যে খড়ছে বেছ কেইবাবছৰ ধৰি দলৰ এজন মুখ্য নেতা হিচাপে কাম কৰি আহিছে ৷ ৰাষ্ট্রীয় পর্যায়ত কিছুদিনৰ পাছতে এক ৰাজনৈতিক ভূমিকম্প সংঘটিত হ’ব ৷ মহাৰাষ্ট্রকে ধৰি বহু ৰাজ্যৰ কেইবাজনো কংগ্রেছ নেতাই ক’ভিড–১৯ সংকটৰ পাছতে বিজেপিত যোগদান কৰিব ৷’ এক মাৰাঠী নিউজ চেনেলক এইদৰে জানিবলৈ দিয়ে চন্দ্রকান্ত পাটিলে ৷ তেওঁ আৰু কয় যে বিজেপি ক’ৰোনা ভাইৰাছৰ সংকট শাম কটাৰ অপেক্ষাত আছে৷ ইয়াৰ পাছতে কংগ্রেছ নেতাসকলে (যিকেইজনে খড়ছেক প্রলুব্ধ কৰাৰ চেষ্টা কৰিছে) ৰাজনৈতিক ভূমিকম্প দেখিবলৈ পাব৷ ৰাজ্যিক কংগ্রেছ নেতৃত্বই এই নেতাসকলক একত্রিত কৰি ৰখা উচিত৷ আমি আমাৰ বিৰোধীক এক বৃহৎ আঘাত দিবলৈ গৈ আছোঁ৷ অনাগত সময়ত বিজেপিয়ে অধিক শক্তিশালী হৈ আত্মপ্রকাশ কৰিব৷ উল্লেখ্য যে আজি একনাথ খড়ছে আৰু একাংশ বিজেপি নেতাৰ মাজত বাক্যুদ্ধ আৰম্ভ হৈছে৷ অসন্তুষ্ট নেতাৰ দাবীৰ বিৰুদ্ধে পাটিলে এক মুকলি বিতর্ক আৰম্ভ কৰিছে ৷