নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ে কর্তন কৰিব ৭ সপ্তাহৰ গ্রীষ্ম বন্ধ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : উচ্চতম ন্যায়ালয়ে সাত সপ্তাহজোৰা গ্রীষ্ম বন্ধ কর্তন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ নিয়ম অনুসৰি ১৭ মে’ৰ পৰা দেশৰ সর্বোচ্চ ন্যায়ালয়ে গ্রীষ্ম বন্ধ মানি চলে যদিও এইবাৰ সাত সপ্তাহজোৰা এই বন্ধ উঠাই দিয়াৰ লগতে ভিডিঅ’ কনফাৰেন্সিং পদ্ধতিত ন্যায়ালয়ৰ কাম–কাজ চলাই নিয়াৰ সিদ্ধান্ত লৈছে ৷ ক’ৰোনা ভাইৰাছ মহামাৰী আৰু লকডাউনৰ বাবে দেশৰ ন্যায় ব্যৱস্থাত যিমান সময় নষ্ট হ’ল, ইয়াৰ জোৰা মাৰিবৰ বাবে দেশৰ সর্বোচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে ৷ আন এক সূত্র মতে, এইবাৰ উচ্চতম ন্যায়ালয়ৰ নতুন ড্রেছ ক’ড আৰম্ভ হ’ব ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বিৰুদ্ধে যুঁজৰ লগত সংগতি ৰাখি এই নতুন ড্রেছ ক’ড আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ৷ এই ড্রেছ ক’ডে সামৰি ল’ব ন্যায়াধীশ, অধিবক্তা আৰু ন্যায়িক বিভাগৰ কর্মচাৰীসকলক৷  উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে দেশৰ সর্বোচ্চ ন্যায়ালয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে কেৱল অত্যন্ত গুৰুত্বপূর্ণ গোচৰসমূহহে চলাই নিয়াৰ সিদ্ধান্ত লৈছিল ৷ ন্যায় বিচাৰত জড়িত অত্যন্ত প্রয়োজনীয় লোকসকলৰ বাহিৰে আন সকলোৰে উপস্থিতি নিষিদ্ধ ঘোষণা কৰিছিল ৷

You might also like