নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰুৱা নাপিত–পার্লাৰৰ কর্মচাৰীয়ে মাতিছে বিপদ

ৰাজ্যৰ ২.৫ লাখ চেলুন কর্মচাৰীৰ দুৰৱস্থাঃ চৰকাৰক ব্যৱস্থা গ্রহণৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১৪ মে’ :  বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰ–প্রশাসনে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্বক ভেঙুচালি কৰি একাংশ লোকে মহানগৰীত বিভিন্ন ব্যৱসায় চলাই আহিছে ৷ তৃতীয় পর্যায়ৰ লকডাউন চলি থকাৰ সময়তে মহানগৰীৰ জিলা প্রশাসনৰ নীতি–নির্দেশনা উলংঘা কৰি মহানগৰীত অসাধু লোকে মাছ–মাংস আৰু পাচলিৰ লগতে অন্যান্য সামগ্রী বিক্রী কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীত লকডাউনৰ সময়ছোৱাত নাপিত তথা চেলুন কর্মচাৰীয়ে ঘৰে ঘৰে গৈ একাংশ লোকৰ চুলি–ডাঢ়ি কটাৰ লগতে পার্লাৰ কর্মচাৰীয়ে যুৱতী–মহিলাসকলৰ সৌন্দর্যৰ বাবে স্পা কৰা পৰিলক্ষিত হৈছে ৷ মহামাৰী ক’ৰোনা ভাইৰাছ সক্রমণৰ ক্ষেত্রত চেলুন আৰু স্পাসমূহহে ভয়ংকৰ ভূমিকা পালন কৰাৰ সম্ভাৱনা থকাৰ বাবে প্রশাসনে অন্যান্য ব্যৱসায়–প্রতিষ্ঠান ক্ষেত্রত কিছু শিথিলতা গ্রহণ কৰিছে যদিও চেলুন আৰু স্পাসমূহ সম্পূর্ণৰূপে বন্ধ ৰখাৰ নির্দেশ দিছে ৷

সেই সময়তে একাংশ লোকে চেলুন–স্পা তথা বিউটি পার্লাৰৰ পৰিৱর্তে স্পাৰ কর্মচাৰী তথা চেলুন কর্মচাৰীক (নাপিত) ঘৰত মাতি আনি চুলি–ডাঢ়ি কটাৰ লগতে সৌন্দর্য ৰক্ষাৰ অন্যান্য কাম কৰা দেখা গৈছে ৷ লকডাউনৰ সময়ছোৱাত চেলুন কর্মচাৰীসকলে ঘৰে ঘৰে গৈ চুলি–ডাঢ়ি কটা কার্যই মহানগৰবাসীলৈ ভয়ংকৰ বিপদ কঢ়িয়াই অনাৰ আংশকাই দেখা দিছে ৷ বুধবাৰে গুৱাহাটীত এক সংবাদ মেলযোগে এই কথা সদৰী কৰিছে ৱেলনেছ এণ্ড পার্লাৰ এছ’চিয়েচন অসমৰ সভাপতি অচিন্ত প্রাণ শর্মাই ৷ তেওঁ লগতে লকডাউনৰ সময়ছোৱাত অন্যান্য লোকৰ লগতে চেলুন কর্মচাৰীসকলে বিশেষভাৱে ক্ষতিগ্রস্ত হোৱাৰ কথা উল্লেখ কৰি এইক্ষেত্রত চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে ৷ ঘৰে ঘৰে গৈ কর্মচাৰীসকলে চুলি–ডাঢ়ি কটাৰ পৰিৱর্তে নির্দিষ্ট নীতি–নিয়মৰ মাজত চেলুন কর্মচাৰীসকলে নিজ নিজ প্রতিষ্ঠানত চুলি–ডাঢ়ি কটাৰ লগতে স্পা আৰু বিউটি পার্লাৰ কাম–কাজ কৰিলে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকা হ্রাস হ’ব বুলি তেওঁ উল্লেখ কৰে ৷

তেওঁ লগতে কয় যে সমগ্র মহানগৰীত ১৫০০ত কৈ অধিক ইউনিচেক্স চেলুন থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাত ৫ হাজাৰ ইউনিচেক্স চেলুন, ১০ হাজাৰ লেডিছ চেলুন আছে ৷ মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত প্রায় আঢ়ৈ লাখ কর্মচাৰী এই প্রতিষ্ঠানৰ সৈতে জড়িত হৈ আছে ৷ লকডাউনৰ সমছোৱাত এই কর্মচাৰীসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে ৷ চৰকাৰে কর্মচাৰীসকলৰ ঘৰভাৰা বিদ্যুৎ মাচুল আৰু ঋণ লৈ ব্যৱসায় কৰাসকলৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ৷ সংবাদ মেলত লাচিত নগৰ স্পাৰ স্বত্বাধিকাৰী জানমণি দাসৰ লগতে কেইবাগৰাকী চেলুন–বিউটি পার্লাৰৰ কর্মচাৰী উপস্থিত থাকে ৷

You might also like