প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ বাছনিত ব্যাপক দুর্নীতি
তালিকাত স্থান পালে চন্দ্রপুৰ পঞ্চায়তৰ সভানেত্রীৰ স্বামীসহ পৰিয়ালৰ ৫জনে
নিয়মীয়া বাৰ্তা, ১৪ মে’ : মহামাৰী ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি তৃতীয় পর্যায়ৰ লকডাউন চলি আছে ৷ লকডাউনৰ ফলত কোনো কৃষক ৰাইজে যাতে খাদ্য–সামগ্রীৰ লগতে যাৱতীয় অত্যাৱশ্যকীয় সামগ্রীৰ বাবে সমস্যাৰ সন্মুখীন হ’ব নালাগে, তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে মূলতঃ দৰিদ্র কৃষক ৰাইজক প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ টকা মোকলাই দিছে । কিন্তু আঁচনিখনৰ জৰিয়তে প্রকৃত কৃষক ৰাইজ উপকৃত হোৱাৰ বিপৰীতে লাভান্বিত জনপ্রতিনিধি, চৰকাৰী চাকৰিয়াল, পুঁজিপতি ব্যৱসায়ী ৷ সমগ্র ৰাজ্যতে এই আঁচনিখন ৰূপায়ণত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ তথ্য ফাদিল হৈ থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত পশ্চিম মায়ং গাঁও পঞ্চায়ত এলেকাত ভয়াৱহ দুর্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
পশ্চিম মায়ঙৰ একাংশ সচেতন নাগৰিকৰ পৰা পোৱা তথ্য মতে, চন্দ্রপুৰ অঞ্চলিক পঞ্চায়তৰ সভানেত্রী আৰু পশ্চিম মায়ঙৰ গাঁও পঞ্চায়তৰ এজন সদস্যই নিজৰ পৰিয়ালৰ সদস্যৰ নাম আঁচনিত অন্তর্ভুক্ত কৰিছে৷ জানিব পৰা মতে, আঞ্চলিক পঞ্চায়তৰ সভানেত্রী নমিতা ৰয়ে তেওঁৰ নিজৰ স্বামী বিদ্যাধৰ ৰায়, দেওৰ বিকাশ ৰয়, ভদ্র ৰয়, সন্তোষ ৰয়, খুৰাশহুৰ নগেন ৰয় মুঠ পাঁচজনকৈ সদস্যৰ নাম তালিকাভুক্ত কৰিছে৷ আনহাতে, পঞ্চায়ত সদস্য চনমতী সৰকাৰে স্বামী ৰুদ্রকান্ত সৰকাৰ, দেওৰ ৰাজকুমাৰ সৰকাৰ, মহেশ সৰকাৰ, ভাই–বোৱাৰী অৰুণা সৰকাৰ আৰু ভাইশহুৰ সুভাষ সৰকাৰ মুঠ ছয়জন পৰিয়ালৰ সদস্যৰ নাম অন্তর্ভুক্ত কৰিছে আঁচনিখনত৷ উল্লেখনীয় কথাটো হ’ল এয়া মাথোঁ কেইটামান উদাহণৰহে, পশ্চিম মায়ং গাঁও পঞ্চায়তৰ আন একাংশ জনপ্রতিনিধিয়েও অঞ্চলটোৰ প্রকৃত কৃষকক বঞ্চিত কৰি নিজৰ অঙহী–বঙহী আৰু নিজৰ তলতীয়া বিজেপিৰ পালিনেতাৰ নাম অন্তর্ভুক্ত কৰা বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এনেদৰে পঞ্চায়তখনৰ জনপ্রতিনিধিয়ে আঁচনিখনত নিজৰ পৰিয়ালৰ লোক নাম অন্তর্ভুক্ত কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত৷ প্রকৃত কৃষকক বঞ্চিত কৰি নিজৰ পৰিয়ালৰ সদস্যৰ নাম তালিকাভুক্ত কৰা জনপ্রতিনিধিসকলৰ্ বিৰুদ্ধে উচিত তদন্ত বিচৰাৰ উপৰি পশ্চিম মায়ং গাঁও পঞ্চায়ত এলেকাত হোৱা দুর্নীতি সন্দর্ভত উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে ৷