প্ৰতিবছৰে ভাৰতত মে’ মাহৰ পৰা পাতলীয়া ৰ’দে গৰমৰ আৰম্ভণি ঘটায় । বিগত বৰ্ষত ৰাজধানী দিল্লীত এসপ্তাহ এৰি বাকী গোটেই মে’ মাহটোৱেই পাৰাস্তম্ভত উষ্ণতা ৪০ ডিগ্ৰীতকৈ কম আছিল । কিন্তু এই বছৰ এনে হোৱা নাই । বৰঞ্চ দিল্লীৰ লগতে আন আন ৰাজ্যসমূহতো পাতলীয়াকৈ হলেও এজাক বৰষুণে চুই গৈছে ।
এইবছৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ পাছত মে’ মাহতো দ্ৰুত বতাহ প্ৰবাহিত হৈছিল আৰু বৰষুণ পৰিছিল। কিছু ৰাজ্যত হঠাৎ অহা বতাহ-বৰষুণে কৃষকসকলক বিমোৰত পেলাইছিল । কেইবা ঠাইতো শিলাবৃষ্টি আৰু বতাহৰ ফলত কৃষকসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে ১৩, ১৪ আৰু ১৫ মে’ ত উত্তৰ ভাৰতৰ বহু অঞ্চলত বজ্রপাত আৰু বৰষুণ অহাৰ আগজাননী দিছে । লগতে বতৰ বিজ্ঞান বিভাগে কয় যে পৰিসংখ্যা অনুযায়ী সমগ্ৰ উত্তৰ, পূব, কেন্দ্ৰীয় আৰু দক্ষিণ ভাৰতত এই বৰ্ষত তাপমান বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে ।
- এয়া কি জলবায়ু পৰিৱৰ্তন নেকি ?
চেণ্টাৰ অৱ চায়েন্স এণ্ড এনভাইৰ্ণমেণ্টৰ তৰুণ গোপালকৃষ্ণণে কৈছে যে- কেৱল উত্তৰ ভাৰত বা পূৰ্ব ভাৰততেই নহয় দক্ষিণ ভাৰততো বতৰ বিগত বছৰতকৈ এইবাৰ পৃথক । অৱশ্যে জলবায়ু পৰিৱৰ্তন, ইয়াৰ কাৰণ বুলিব নোৱাৰি । কিয়নো জলবায়ু সলনি হোৱাৰ বাবে যিসমূহ পৰিৱৰ্তনৰ হ’ব সেয়া অধিক লক্ষণীয় হ’ব ।
- লকডাউনৰ প্ৰভাৱ
চীনৰ ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হুবেই প্রদেশৰ য়ুহান চহৰৰ পৰা সমগ্ৰ দেশলৈ বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সকলো দেশতে লকডাউন ঘোষণা কৰা হয় । ভাৰততো এই লকডাইনৰ সময়সীমা বৃদ্ধি হৈ বৰ্তমান তৃতীয় পৰ্যায়ত ভৰি দিছে । যাৰ বাবে প্ৰতিখন দেশতে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে ।
ইয়াৰ ফলত পোনপটিয়াকৈ প্ৰভাৱ পৰিল কার্বন নিঃসৰণ আৰু প্ৰদূষণত । চীনত ফেব্ৰুৱাৰীৰ পহিলাতে আৰু মাৰ্চৰ মাজভাগলৈকে কার্বন নিঃসৰণ ১৮ শতাংশ হ্ৰাস পালে । থিক একেদৰে ইউৰোপীয় দেশ আৰু আমাৰ দেশ ভাৰতবৰ্ষতো অনুৰূপ ঘটনাই দেখিবলৈ পোৱা গ’ল ।
– প্ৰণৱ জ্যোতি মহন্ত