নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বজাৰত হোৰাহোৰে বাঢ়িছে ব্রইলাৰৰ দাম; প্রতিকেজি গোটা ব্রইলাৰ ২১০ টকাত বিক্রী

নিয়মীয়া বার্তা, ১৭ মেঃ  ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ সুযোগ গ্রহণ কৰিছে একাংশ ব্যৱসায়ীয়ে৷ লকডাউনৰ সুযোগ গ্রহণ কৰি মহানগৰীৰ বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ লগতে প্রশাসনৰ নির্দেশনা উলংঘা কৰি মাছ–মাংসৰ চোৰাং ব্যৱসায় অব্যাহত আছে৷

একাংশ অসাধু ব্যৱসায়ীয়ে মহানৰীৰ বজাৰত গুৱাহাটী পৌৰ নিগম তথা অসম পশুধন আৰু হাঁহ–কুকুৰা উন্নয়ন নিগমৰ নীতি–নিয়ম উলংঘা কৰি অবৈধভাৱে মাংসৰ দাম প্রায় দুগুণ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ বিশেকৈ বিগত তিনি দিন ধৰি মহানগৰীৰ বজাৰত অসাধু ব্যৱসায়ীয়ে ব্রইলাৰ মুর্গীৰ মাংসৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে৷

লকডাউনৰ সময়ছোৱাত মহানগৰবাসীৰ ঘৰে ঘৰে মাছ–মাংসৰ যোগান ধৰিবলৈ জিলা প্রশাসনে মহানগৰীৰ বিভিন্ন স্থানৰ কেইবাগৰাকী ব্যৱসায়ীক অনুমতি পত্র প্রদান কৰি স্বাস্থ্যসন্মতভাৱে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে মাংস বিক্রী কৰিবলৈ নির্দেশ দিছিল৷ জিলা প্রশাসনে আনকি ব্যৱসায়ীসকলৰ গোটা ব্রইলাৰ দাম ১২০ টকা আৰু প্রতি কেজি কটা ব্রইলাৰ মুর্গীৰ মাংস ১৫০কৈ বিক্রী কৰাৰ নির্দেশ দিছে৷

প্রশাসনৰ নিদের্শক অংগুষ্ঠ প্রদর্শন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ বজাৰত অবৈধভাৱে মুর্গীৰ মাংস বিক্রী কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিগত তিনি দিন ধৰি প্রশাসনৰ বিনা অনুমতিত মাংস বিক্রী কৰা ব্যৱসায়ীসকলে গোটা ব্রইলাৰ মহানগৰীৰ বজাৰত ১৮০ টকাৰ পৰা ২১০ টকা পর্যন্ত বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ ব্রইলাৰ ২৪০ টকাৰ পৰা ২৬০ টকালৈ বৃদ্ধি কৰিছে৷ অৱশ্যে ঠাই বিশেষে ব্রইলাৰ মুর্গীৰ দামৰ তাৰতম্য হোৱা দেখা গৈছে৷

এইক্ষেত্রত অসম পশুধন আৰু হাঁহ–কুকুৰা উন্নয়ন নিগম আৰু জিলা প্রশাসনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও ব্রইলাৰৰ দাম নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like