নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ–পানীখাইতী মাস্ক পৰিধান নকৰা ৩২জনক জৰিমনা

নিয়মীয়া বার্তা, ১৭ মেঃ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্যত সম্প্রতি তৃতীয় পর্যায়ৰ লকডাউন চলি আছে৷ জনসাধাৰণৰ অর্থনৈতিক দিশৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তৃতীয় পর্যায়ৰ লকডাউনত কিছু শিথিলতা প্রদান কৰিছে যদিও কিছু নীতি–নির্দেশনা অব্যাহত ৰাখিছে৷ ৰাজ্য চৰকাৰে প্রতিজন নাগৰিকক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল যদিও বর্তমানেও সমাজৰ একাংশ অসচেতন নাগৰিকে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা ওলাই আহিছে৷ ৰাজ্য চৰকাৰ তথা জিলা প্রশাসনৰ নীতি উলংঘা কৰাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

যোৱা ১৩ মে’ৰ পৰা প্রাগজ্যোতিষপুৰ আৰক্ষী আৰু পানীখাইতী আৰক্ষীয়ে আজিলৈ ৩২জন মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহিছে৷ এই সন্দর্ভত প্রাগজ্যোতিষপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাই জনোৱা মতে, আজিপর্যন্ত আৰক্ষীয়ে চলোৱা তালাচী অভিযানত মাস্ক পৰিধান নকৰাকৈ ৰাজপথলৈ ওলাই অহা ১০জন লোকক জৰিমনা বিহি ৫ হাজাৰ টকা জৰিমনা সংগ্রহ কৰিছে৷ আনপিনে পানীখাইতী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া ৰাণা ভূঞাই জানিবলৈ দিয়া মতে, আজিপর্যন্ত তেওঁলোকে ২২জন মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহি ১১ হাজাৰ টকা ৰাজহ সংগ্রহ কৰিছে৷

উল্লেখনীয় কথাটো হ’ল যে ৰাজ্য চৰকাৰ তথা জিলা প্রশাসনে ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে যিমানেই ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে কার্যসূচী গ্রহণ নকৰক কিয়, একাংশ বিবেকহীন অসচেতন ৰাইজে ক’ৰোনাৰ সংক্রমণক লৈ গুৰুত্ব প্রদান কৰা নাই৷ যাৰ বাবে অসচেতন ব্যক্তিসকলে দুচকীয়া বাহনত দুজনকৈ উঠি মনে মনে ঘূৰি ফুৰাৰ লগতে একাংশই সামাজিক দূৰত্বৰ নীতি উলংঘা কৰি মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰিছে৷

You might also like