‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ পাছত সাৰ পালে বন বিভাগঃ ঠাকুৰকুছিৰ পাহাৰ খনন এলেকা পৰিদর্শন বন বিষয়াৰ
নিয়মীয়া বার্তা, ১৭ মেঃ ‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ পাছতহে যেন সাৰ পালে নিদ্রাৰত বন বিভাগ৷ সাৰ পায়ে বিভাগটোৰ এটা সঁজাতী দলে আজি চন্দ্রপুৰৰ পাহাৰ খনন কৰা অঞ্চল পৰিদর্শন কৰে৷ উল্লেখ্য যে চন্দ্রপুৰ খণ্ড বন কার্যালয়ৰ পৰা নাতিদূৰত অর্থাৎ ১ কিলোমিটাৰমান দূৰৰ একাধিক স্থানত লকডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে বিগত কেইবাদিন ধৰি এটা ব্যৱসায়ী চক্রই পাহাৰ খনন কৰি আছিল৷
কেৱল খনন কৰাই নহয়, খণ্ড বন কার্যালয়ৰ সন্মুখেৰে বৃহৎ বৃহৎ ডাম্পাৰৰ দ্বাৰা ওৰেনিশা পাহাৰ খনন কৰা ৰঙামাটি কঢ়িয়াই কার্যালয়টোৰ সমীপৰ কেইবাটাও স্থানৰ দ ভূমিত পুতিছিল৷ ঠাকুৰকুছিস্থিত কার্যালয়টোৰ সমীপতে ২/৩ দিন ধৰি পাহাৰ খনন কৰাৰ পাছতো চকু মুদা কুলিৰ ভাও ধৰি থকা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বন বিভাগৰে গোপন বুজাবুজিৰো অভিযোগ কৰিছিল স্থানীয় ৰাইজে৷ এই সম্পর্কত সবিশেষ বাতৰি ‘নিয়মীয়া বার্তা’ৰ কালিৰ সংখ্যাত প্রকাশ হোৱাৰ পাছতে লৰা–ঢ়পৰা লাগিল সংশ্লিষ্ট বিভাগটোৰ৷
জানিব পৰা মতে, শনিবাৰে বন বিভাগৰ গুৱাহাটী সংমণ্ডল কার্যালয়ৰ এটা দলে ঠাকুৰকুছিৰ খনন কৰা স্থানকেইটা পৰিদর্শন কৰে৷ খণ্ড বন বিষয়া ধ্রুৱ শর্মাক লৈ স্থানকেইটা পৰিদর্শন কৰাৰ লগতে কিমান মাটি খনন কৰিছে অসাধু চক্রটোৱে তাৰ জোখ–মাখো কৰে দলটোৱে৷ ইফালে, খণ্ড বন বিষয়াগৰাকীয়ে জানিব দিয়া মতে তেওঁৰ অগোচৰে দুষ্ট চক্রটোৱে অবৈধভাৱে পাহাৰ খনন কৰিছে৷ চক্রটোৰ বিৰুদ্ধে আনকি শীঘ্রে এজাহাৰ দাখিল কৰিব বুলিও জানিব দিছে বিষয়াগৰাকীয়ে৷