নিয়মীয়া বাৰ্তা, ১৭ মেঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে কেন্দ্রত ৬ বছৰ সম্পূর্ণ কৰিছে৷ উল্লেখনীয় যে ২০১৪ চনৰ ১৬ মে’ত মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে কেন্দ্রৰ ক্ষমতাত আৰোহণ কৰিছিল৷
২০১৪ৰ নির্বাচনত মোদী জোৱাৰৰ বাবে বিজেপিয়ে ২৮২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ৫ বছৰ সম্পূর্ণ কৰাৰ পাছত পুনৰ দ্বিতীয় কার্যকালৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত এন ডি এই কেন্দ্রৰ ক্ষমতা দখলৰ সুযোগ লাভ কৰে৷ ২০১৯ চনৰ লোকসভা নির্বাচনত পুনৰ মোদী জোৱাৰৰ বাবে অভিলেখ সৃষ্টি কৰি বিজেপি তথা এন ডি এই ক্ষমতা দখল কৰিবলৈ সক্ষম হয় কেন্দ্রত৷ শনিবাৰে ৬ বছৰ সম্পূর্ণ কৰা উপলক্ষে শাসকীয় দল বিজেপিয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে কর্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে৷
টুইটাৰত বিজেপিৰ তৰফৰ পৰা এই কথাও উল্লেখ কৰা হৈছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্ব আৰু বিভিন্ন জনপ্রিয় আঁচনিৰ বাবে বিজেপিয়ে বিগত সময়ছোৱাত দেশবাসীৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ স্বচ্ছ ভাৰত অভিযান, বেটী পঢ়াও বেটী বচাও আৰু জনধন যোজনাৰ দৰে আঁচনিৰ বাবে মোদীৰ জনপ্রিয়তা বৃদ্ধি পোৱা বুলি উল্লেখ কৰা হৈছে বিজেপিৰ টুইটাৰ পোষ্টত৷ মোদী চৰকাৰৰ প্রথমটো কার্যকালৰ সফলতা হিচাপে বিজেপিয়ে ঐতিহাসিক অযোধ্যা গোচৰৰ ৰায়দান, সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি আদিৰ কথা উল্লেখ কৰিছে৷