ক’ৰোনাৰ সন্দেহত কণমানি পুত্রক হত্যাঃ তুৰস্কত ফুটবলাৰ পিতৃৰ নৃশংস কাণ্ড
নিয়মীয়া বাৰ্তা, ১৭ মেঃ ক’ৰোনা ভাইৰাছৰ সংকটৰ মাজতে তুৰস্কৰ বুৰচাটত এক নৃশংস আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ দেশখনৰ এজন আগশাৰীৰ ফুটবলাৰ ছেভহাৰ টেকট’ছে চিকিৎসাধীন নিজ ৫ বছৰীয়া পুত্রক ক’ৰোনাত আক্রান্ত হোৱাৰ সন্দেহতে ডিঙি চেপি হত্যা কৰে৷ উল্লেখ্য যে ক’ৰোনাত আক্রান্ত হোৱাৰ সন্দেহত ৫ বছৰীয়া শিশুটিক হাস্পতালত ভর্তি কৰোৱাৰ পাছত চিকিৎসা চলোৱা হৈছিল৷ কিন্তু ক’ৰোনা টেষ্টৰ কোনো ফলাফল ওলোৱাৰ পূর্বেই ৩২ বছৰীয়া খেলুৱৈ পিতৃজনে নিজ পুত্রক ডিঙি চেপি হত্যা কৰে৷
মৰণোত্তৰ পৰীক্ষাৰ পাছত কিন্তু মৃত পুত্র ক’ৰোনাত আক্রান্ত নোহোৱা বুলি প্রমাণ হয়৷ এই হত্যাকাণ্ডৰ পাছতে ফুটবলাৰজনে আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ আৰক্ষীক দিয়া স্বীকাৰোক্তি মতে তেওঁ পুত্রক অলপো ভাল পোৱা নাছিল আৰু হাস্পতালতে গাৰুৰে হেঁচা মাৰি শ্বাসৰূদ্ধ কৰি পুত্রক হত্যা কৰিছিল৷ উল্লেখ্য যে ২০০৭ চনৰ পৰা ২০০৯ চনপর্যন্ত তুৰস্কৰ হাকেটেপ ক্লাবৰ হৈ ফুটবল খেলিছিল ছেভহাৰ টেকট’ছে৷