নিয়মীয়া বাৰ্তা, ১৭ মেঃ ঘূর্ণিবতাহ আমফানে ঘণ্টাত সর্বাধিক ৯০ কিলোমিটাৰ গতিবেগেৰে ওড়িশা, উত্তৰ অন্ধ্র প্রদেশৰ উপকূল, আন্দামান আৰু পশ্চিমবংগত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি ওড়িশা চৰকাৰে ৰাজ্যখনৰ ১২খন জিলালৈ সতর্কবাণী প্রেৰণ কৰিছে৷ এই ঘূর্ণিবতাহৰ বাবে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সাজু হ’বলৈ সতর্কবাণী প্রেৰণ কৰিছে প্রশাসনে৷
অৱশ্যে এই ঘূর্ণিবতাহ ‘আমফান’ৰ প্রকোপৰ নিশ্চিত কোনো লক্ষণ দেখা পোৱা নাই যদিও বতৰ বিজ্ঞান কেন্দ্রৰ পৰামর্শ মতে আগতীয়াকৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ বাবে নির্দেশ দিয়া হৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে বিশেষ সাহায্য আয়ুক্ত প্রদীপ জেনাই৷ উল্লেখ্য যে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে৷