নিয়মীয়া বাৰ্তা, ১৭ মেঃ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা অর্থনৈতিক পেকেজ সন্দর্ভত পৰামর্শ আগবঢ়াই কয় যে ক’ৰোনা ভাইৰাছে আক্রান্ত কৰা অর্থনীতি বচোৱাৰ বাবে যি ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে, সেই ধন সঠিক ৰূপত ব্যয় নহ’লে সর্বনাশী সমস্যাৰ সৃষ্টি হ’ব৷ তেওঁ কয় যে ক’ৰোনা আৰু লকডাউনত সর্বাধিক ক্ষতিগ্রস্ত হোৱা দুখীয়া লোকসকলৰ একাউণ্টত ধন জমা দিয়ক৷
জুম ভিডিঅ’ কলেৰে সংবাদ মেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে লোনৰ পেকেজসমূহে কৃষক আৰু প্রব্রজিত শ্রমিকক তৎকালীন সকাহ দিব নোৱাৰে৷ ‘আমাৰ সমস্যা হ’ল ধন৷ প্রধানমন্ত্রী মোদীয়ে এই পেকেজৰ বিষয়ে পুনৰ বিবেচনা কৰক৷ মোদীজীয়ে নগদ ধন জমা দিয়াৰ কথা চিন্তা কৰক৷ এম এনৰেগাত জড়িত শ্রমিক সকলক, কৃষকসকলক ধন দিয়াৰ চিন্তা কৰক৷ কাৰণ তেওঁলোকেই হ’ল ভাৰতৰ ভৱিষ্যৎ৷’ প্রধানমন্ত্রীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে এইদৰে কয়৷