নিয়মীয়া বাৰ্তা, ১৭ মেঃ তবলিগী জামাতৰে জড়িত ৬৪জন বিদেশী মুছলমান লোকক ভূপালত গ্রেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই লোকসকলে বিভিন্ন ধর্মীয় অনুষ্ঠান অনুষ্ঠিত কৰি বৈদেশিক আইন উলংঘা কৰিছিল৷ ভূপালৰ বিভিন্ন আৰক্ষী থানাত এনে লোকসকলৰ বিৰুদ্ধে এতিয়ালৈকে ৭টা গোচৰ লিপিবদ্ধ কৰা হৈছে৷
উল্লেখ্য যে যোৱা মার্চ মাহৰ প্রথম পষেকত নতুন দিল্লীৰ নিজামুদ্দিনত তবলিগী জামাতে ধর্মীয় অনুষ্ঠান অনুষ্ঠিত কৰি সমগ্র দেশতে তেওঁলোকৰ পৰা ক’ভিড–১৯ মহামাৰী বিয়পাই দিয়াৰ অভিযোগো উঠিছিল৷ এই তবলিগী জামাতত অংশগ্রহণ কৰা বহু লোক নিজ ৰাজ্যলৈ ঘূৰি অহাৰ পাছত তেওঁলোকৰ পৰা বহুজনৰ শৰীৰলৈ ক’ভিড–১৯ ভাইৰাছ সংক্রমিত হৈছিল৷ ভূপাল আৰক্ষীৰ ৰেঞ্জ ইন্সপেক্টৰ জেনেৰেল উপেন্দ্র জৈনে জনোৱা মতে, ৰাজ্যখনত গ্রেপ্তাৰ কৰা বিদেশী ইছলাম ধর্মাৱলম্বী লোকসকলে ভাৰতৰ বিভিন্ন স্থানত ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিবৰ বাবে ভিছাৰ জৰিয়তে প্রৱেশ কৰিছিল৷
ভূপালত গ্রেপ্তাৰ কৰা এনে লোকসকল আহিছিল কির্গিজস্তান, উজবেকিস্তান, কাজাখস্তান, টাঞ্জানিয়া, দক্ষিণ আফ্রিকা আৰু ম্যানমাৰকে ধৰি আন কেইবাখনো দেশৰ পৰা৷ গ্রেপ্তাৰ কৰা লোকসকলক ক’ৰোনাৰ পৰীক্ষা কৰোৱাৰ পাছত কোৱাৰেণ্টাইনত ৰখা হয়৷