ৰাজগড়ত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ
নিয়মীয়া বাৰ্তা, ১৮ মেঃ নির্ভীক, স্পষ্টবাদী, আপোচহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ দেওবাৰে ২৪ সংখ্যক মৃত্যুবার্ষিকী পালন কৰা হয়৷ মহানগৰীৰ ৰাজগড়স্থিত পৰাগ কুমাৰ দাসৰ প্রতিমূর্তিৰ সন্মুখত প্রয়াত সাংবাদিকগৰাকীৰ সহধর্মিণী পূৰবী দাস আৰু পৰিয়ালবর্গৰ উপস্থিতিত মৃত্যুবার্ষিকী পালন কৰা হয়৷ পূৰবী দাসে বন্তি প্রজ্বলন কৰাৰ পিছতে উপস্থিত পৰিয়ালৰ লোকসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি তর্পণ কৰি শ্রদ্ধাঞ্জলি জনায়৷
দেওবাৰৰ দিনটোতে ৰাজগড়ৰ এই স্থানত অচিনাক্ত ঘাতকৰ মাৰণাস্ত্রৰ গুলীত প্রাণ হেৰুৱাইছিল পৰাগ কুমাৰ দাসে৷ এগৰাকী সাহসী সাংবাদিক তথা আন্তর্জাতিক মানৱাধিকাৰ কর্মী পৰাগ কুমাৰ দাসৰ হত্যাৰ ২৪ বছৰ পিছতো পৰিয়ালৰ লোকে ন্যায় নাপালে৷ আজিও বিচাৰ নহ’ল সাংবাদিক দাসৰ হত্যাকাণ্ডৰ৷ অনুষ্টুপীয়াকৈ অনুষ্ঠিত অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ একালৰ সতীর্থ সাংবাদিক অজিত কুমাৰ ভূঞা, মনোৰম গগৈ, প্রকাশ মহন্ত, অধিবক্তা অৰূপ বৰবৰা আদিয়ে পৰাগ কুমাৰ দাসৰ প্রাসংগিকতা দিনকদিনে বৃদ্ধি পাই আহিছে বুলি মন্তব্য কৰে৷ লগতে নতুন প্রজন্মই প্রয়াত সাংবাদিকগৰাকীৰ আদর্শ অনুকৰণ কৰিলে অসম তথা দেশৰ হকে কাম কৰিবলৈ প্রেৰণা পাব বুলি মন্তব্য কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একতা সভায়ো পৰাগ কুমাৰ দাসৰ ২৪সংখ্যক মৃত্যুবার্ষিকী পালন কৰে৷