নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রব্রজিত শ্রমিকক উত্তৰ প্রদেশত প্রৱেশত বাধা

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  ক’ভিড–১৯ লকডাউনৰ বাবে প্রব্রজিত শ্রমিকৰ হাহাকাৰ প্রতিদিনে উন্মোচিত হৈ আহিছে৷ ৰে’ল–মটৰ দুর্ঘটনাকে ধৰি বিভিন্ন কাৰণত পেটৰ তাড়নাত কর্মস্থলী ৰাজ্য এৰি নিজ ৰাজ্যলৈ ওভতা প্রব্রজিত শ্রমিকৰ কৰুণ মৃত্যুৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলি আছে৷ কালি উত্তৰ প্রদেশত প্রব্রজিত শ্রমিক ২৬জনে মটৰ দুর্ঘটনাত প্রাণ হেৰুওৱাৰ পিছত উত্তৰ প্রদেশ চৰকাৰে প্রব্রজিত শ্রমিকৰ প্রৱেশ নিষিদ্ধ কৰিছে৷ সেই মর্মেই আজি উত্তৰ প্রদেশত প্রৱেশ কৰিব খোজা কেইবাশ শ্রমিকক সীমান্তৰ বিভিন্ন স্থানত আৰক্ষীয়ে বাধা প্রদান কৰিছে৷ গাড়ী–মটৰ, খোজকাঢ়ি কিম্বা চাইকেলেৰে উত্তৰ প্রদেশত প্রৱেশ কৰিব খোজা সকলো শ্রমিককে সীমান্তত আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে৷ ইপিনে, গুজৰাটৰ ৰাজকোটৰ ছপৰ–ভেৰাৱাল ৰাষ্ট্রীয় ঘাইপথত একাংশ প্রব্রজিত শ্রমিকে লাঠীকে ধৰি বিভিন্ন সামগ্রীৰে পৰিস্থিতি উত্তাল কৰাই নহয়, বিভিন্ন যান–বাহনৰো ক্ষতিসাধন কৰিছে৷ প্রশাসনে উল্লেখিত পাঁচ শতাধিক প্রব্রজিত শ্রমিকক নিজ ৰাজ্যলৈ ওভতাই পঠিওৱাৰ বাবে পর্যাপ্ত ব্যৱস্থা গ্রহণ নকৰাৰ বাবেই শ্রমিকসকলে ক্ষুব্ধ হৈ এনে পদক্ষেপ লয়৷ এনেদৰে ছাহাৰানপুৰ–কানপুৰ্ অনেক প্রব্রজিত শ্রমিকে প্রতিবাদৰ আশ্রয় লয়৷

You might also like