নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নী, পুত্ৰ, মোমায়েকক গুলীয়াই হত্যা কৰা সঞ্জয় দাস অৱশেষত আৰক্ষীৰ গুলীত নিহত

নিয়মীয়া বাৰ্তা, ১৯ মে’:  শীতল মস্তিষ্কৰে নিজৰ পত্নী, পুত্ৰ, মোমায়েকক গুলীয়াই হত্যা কৰা সঞ্জয় দাস অৱশেষত আৰক্ষীৰ গুলীত নিহত হয়। তিনিঘন্টাযোৰা গুলীয়াগুলিৰ অন্তত আৰক্ষীৰ গুলীত ধয়াশাৰী হয় এচ এচ বিৰ প্ৰাক্তন জোৱান সঞ্জয় দাস। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টি, অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰা, ডিব্ৰুগড় অ চি ৰাজীৱ শইকীয়া, বৰবৰুৱা অ চি গৌৰৱ চুতীয়াৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দলে সোমবাৰৰ দিনৰ পৰাই অঞ্চলটো ঘেৰাও কৰি ৰাখিছিল। নিজৰ বাসগৃহৰ সমীপৰ শুকানপুখুৰীৰ মীনবিভাগৰ এটা পৰিতক্ত ঘৰৰ চাদত আশ্ৰয় গ্ৰহণ কৰিছিল কিলাৰ সঞ্জয় দাসে।

  ইপিনে নিশা বাৰ মান বজাত সঞ্জয় দাসৰ হাতত থকা পিস্তলৰ পৰা এটা গুলী ফুটি যায়। ইয়াৰ পাছত আৰক্ষীয়ে নিদিষ্ট বাসগৃহতো ঘেৰাও কৰি সঞ্জয়ক আত্মসমৰ্পন কৰাৰ বাবে আহ্বান জনাই। আত্মসমৰ্পণৰ পৰিৱৰ্তে আৰক্ষীলৈ লক্ষ্য কৰি আন্ধাৰৰ সুযোগ লৈ দহ জাইৰ অধিক গুলীবষণ কৰে।  নিশা বাৰ বজাৰ পৰা তিনি বজালৈকে আৰক্ষীৰ লগত হোৱা গুলীয়াগুলিৰ পাছত আৰক্ষীৰ গুলীত থকাসৰকা হয়।

  জানিব পৰা মতে, সঞ্জয়ৰ লাইচেঞ্চ প্রাপ্ত পইণ্ট ৩২ পিষ্টলৰ সৈতে আছিল ৩২ টা সক্রিয় গুলী৷ তেনে কাৰণত সঞ্জয়ক লৈ ডিব্রুগড় আৰক্ষী প্রশাসন ভীষণ চিন্তিত হৈ পৰিছিল ৷

You might also like