নিয়মীয়া বাৰ্তা, ১৯ মে’: কঠোৰ লকডাউনেও ৰোধ কৰিব পৰা নাই ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতা৷ প্রতিদিনে দেশব্যাপী মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ মাত্রা বর্ধিত হৈ আছে৷ লকডাউন ৪.০ৰ প্রথম দিনাই দেশত আক্রান্তৰ সংখ্যা এক লাখ অতিক্রম কৰিলে৷ কালি তৃতীয় পর্যায়ৰ লকডাউনৰ অন্তিম দিনা পাঁচ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত আজি ৪,৫৯৪জন মহামাৰী ভাইৰাছত আক্রান্ত হোৱাত দেশজুৰি মুঠ আক্রান্তৰ সংখ্যা ১,০০,২৯৩ হ’ল৷ দিনটোত ১৩০জনে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩,১৫৫জনলৈ বৃদ্ধি পালে৷
উল্লেখ্য যে প্রথম পর্যায়ৰ লকডাউনৰ তুলনাত দ্বিতীয় পর্যায়ত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ পৰিমাণৰ বিপৰীতে তৃতীয় পর্যায়ৰ লকডাউনত দেশব্যাপী আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পায়৷ লকডাউন ৩.০ৰ সময়ছোৱাত দেশত আক্রান্তৰ সংখ্যা প্রায় ৬০ হাজাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাও ১,৭০৬জন বৃদ্ধি পাইছে৷ কার্যতঃ ৩০ জানুৱাৰীত প্রথমটো ক’ভিড আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত আজিলৈকে তিনিটা পর্যায়ৰ লকডাউন শেষ হৈ চতুর্থ পর্যায়ৰ লকডাউনৰ প্রথম দিনাই আক্রান্তৰ সংখ্যাই এক লক্ষ অতিক্রম কৰিলে৷ প্রকাশিত তথ্য মতে, মহাৰাষ্ট্রত আজি সর্বাধিক ২,০৫৩জন আক্রান্ত হোৱা ৰাজ্যখনত আক্রান্তৰ সংখ্যা ৩৫,০৮৬জনলৈ বৃদ্ধি পালে৷ এনেদৰে আজি ৫১জনৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা বৃদ্ধি পালে ১,২৪৯জনলৈ সর্বাধিক আক্রান্তৰ তালিকাত আছে মহাৰাষ্ট্র৷ তাৎপর্যপূর্ণ যে মহাৰাষ্ট্রৰ ৰাজধানী তথা দেশৰ বাণিজ্যিক ৰাজধানীখ্যাত মায়ানগৰী মুম্বাইতে ২০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৭ শতাধিকে৷ ইপিনে আক্রান্তৰ তালিকাৰ দ্বিতীয় স্থানত আছে তামিলনাডু৷
ৰাজ্যখনত ১১,৭৬০জন আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৮২জনে৷ তেনেদৰে গুজৰাটত ১১,৭৪৬জন আক্রান্তৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৬৯৪জনে৷ দেশৰ ৰাজধানী দিল্লীত আক্রান্ত হৈছে ১০,০৫৪জন আৰু মৃত্যু ঘটিছে ১৬০জনৰ৷ ৰাজস্থানত আক্রান্ত ৫,৩৭৫ আৰু মৃত ১৩৩, মধ্যপ্রদেশত আক্রান্ত ৫,২৩৬ আৰু মৃত ২৫২, উত্তৰ প্রদেশত আক্রান্ত ৪,৬০৫ আৰু মৃত ১১২, পশ্চিমবংগত আক্রান্ত ২,৮২৫ আৰু মৃত ২৪৪, অন্ধ্রপ্রদেশত আক্রান্ত ২,৪৩২ আৰু মৃত ৫০, পঞ্জাবত আক্রান্ত ১,৯৮০ আৰু মৃত ৩৭, বিহাৰত আক্রান্ত ১,৪২৩ আৰু মৃত ৯, জম্মু–কাশ্মীৰত আক্রান্ত ১,২৮৯ আৰু মৃত ১৫, কর্ণাটকত আক্রান্ত ১,২৪৬ আৰু মৃত ৩৭, হাৰিয়ানাত আক্রান্ত ৯২৮ আৰু মৃত ১৪, ওড়িশাত আক্রান্ত ৮৭৬ আৰু মৃত ৪, কেৰালাত আক্রান্ত ৬১ আৰু মৃত ৪, ঝাৰখণ্ডত আক্রান্ত ২২৮ আৰু মৃত ৩, চণ্ডীগড়ত আক্রান্ত ১৯৬ আৰু মৃত ৯, ত্রিপুৰাত আক্রান্ত ১৬৫, অসমত আক্রান্ত ১০৮ আৰু মৃত ৩, উত্তৰাখণ্ডত আক্রান্ত ৯৬ আৰু মৃত ১, ছত্তিশগড়ত আক্রান্ত ৯৩, হিমাচল প্রদেশত আক্রান্ত ৯৬ আৰু মৃত ৩, লাডাখত আক্রান্ত ৬৩, আন্দামান নিকোবৰ দ্বীপপুঞ্জত আক্রান্ত ৩৩, গোৱাত আক্রান্ত ৩১, পুডুচেৰীত আক্রান্ত ১৭, মেঘালয়ত আক্রান্ত ১৩ আৰু মৃত ১, মণিপুৰত আক্রান্ত ৭, মিজোৰাম, অৰুণাচল আৰু দাদৰা নগৰ হাভেলীত এজনকৈ ক’ভিড–১৯ত আক্রান্ত লোক আছে৷ মন কৰিবলগীয়া যে দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ক’ভিড–১৯ত আক্রান্ত লোক আছে যদিও উত্তৰ–পূবৰ ৰাজ্য ছিকিমত এতিয়ালৈকে এজনো লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হোৱা নাই৷
ক’ভিড–১৯ ট্রেকাৰ ইণ্ডিয়াৰ পৰা নিশা ৯.৩১ বজাত যুগুতোৱা তথ্য মতে, দেশত মুঠ আক্রান্তৰ সংখ্যা ১,০০,২৯৩জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা ৩,১৫৫৷ সুস্থ হোৱাৰ ৰোগীৰ সংখ্যা ৩৯,২০৬জন৷ বাতৰি যুগুতোৱা পৰলৈকে তেলেংগানাত আজি আক্রান্তৰ সংখ্যা ঘোষণা কৰা নাই৷ ইপিনে, আজি জম্মু–কাশ্মীৰত ক’ভিড–১৯ ৰোগীক শুশ্রূষাত জড়িত চাৰিসহ পাঁচজন চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত ১৬জন আৰক্ষীৰ জোৱানো আক্রান্ত হৈছে৷ ইপিনে প্রখ্যাত সংবাদ সংস্থা জী নিউজৰ ২৮জন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি আজি সংস্থাটোৰ কর্তৃপক্ষই প্রকাশ কৰিছে৷