নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবছৰৰ অক্টোবৰত কৃষি বিভাগে কৃষকক উন্নতমানৰ বীজ যোগান ধৰাক: সোণোৱাল

নিয়মীয়া বাৰ্তা, ২০ মেঃ মুখ্যমন্ত্রী স্বানন্দ সোণোৱালে মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ মালয়্বাৰী অঞ্চল পৰিদর্শন কৰি ইয়াৰ কৃষকসকলে কৰি থকা কৃষিকার্যৰ জ লয়৷ মুখ্যমন্ত্রীয়ে এই অঞ্চলৰ কৃষকসকলে তমানে ধানখেতি চপাই থকা কার্যও প্রত্যক্ষ কৰি কৃষকসকলৰ লগত মত–িবনিময় কৰে৷ ৰাজ্যখনৰ কৃষি বিভাগে কৃষকসকলৰ মাজত বিতৰণ কৰা ধান চপোৱা যন্ত্রৰ কর্মপদ্ধতিৰো মুখ্যমন্ত্রীয়ে আজিৰ এই পৰিদর্শন কালতে জ লয়৷ এই পৰিদর্শনৰ সময়ত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সহযোগত যুঁজ দি থকাৰ লগতে ৰাজ্যখনত অর্থনৈতিক কাম–কাজ পুনৰ আৰম্ভ কৰাৰ ওপৰতো চৰকাৰে গুৰুত্ব প্রদান কৰিছে৷ এইক্ষেত্রত ৰাজ্যখনৰ কৃষকসকলে পথ প্রদর্শকৰ ভূমিকা পালন কৰিছে৷ লকডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ কৃষক আৰু কৃষি উদ্যোগীসকলে দেশৰ িবভিন্ন প্রান্তলৈ কৃষিজাত সামগ্রী ৰপ্তানি কৰি ৩৫৭ কোটি টকাৰ ৱসায় কৰ্বিলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ কৃষি খণ্ডই সম্প্রতি হৎ সম্ভাৱনীয়তা হন কৰিছে আৰু লকডাউনৰ সময়ছোৱাই এই কথা পুনৰ্বাৰ প্রতীয়মান কৰিছে৷ অসমে কৃষি, পশুধন, মীন ইত্যাদি খণ্ডত আত্মনির্ভৰশীল হ’ব পাৰে লি উল্লেখ কৰি এই দিশত ৰাজ্যখনৰ কৃষকসকলে নতুন উদ্যমৰে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডত নামি পৰিছে৷

ৰাজ্যখনৰ যুৱকসকলক কৃষিক জীৱিকা হিচাপে গ্রহণ কৰাৰ বাবে আহ্বান জনাই লকডাউনৰ ফলত ৰাজ্যখনলৈ ঘূৰি অহা অসমৰ যুৱকসকলক সংস্থাপনৰ দিশত কৃষিয়ে হৎ সম্ভাৱনীয়তা হন কৰিছে লিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে অসমৰ কৃষিজাত সামগ্রীয়ে উত্তৰ–র্পূবাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে আমাৰ ওচৰতে থকা দক্ষিণ–পূব এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাৰ পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ ৰাজ্যখনৰ কৃষকসকলৰ মাজত কৃষি বিভাগে প্রতি ছৰৰ অক্টোবৰ মাহৰ ভিতৰতে মানসম্পন্ন জ যোগান ধৰাৰ ােব নির্দেশ দি মুখ্যমন্ত্রীয়ে কয় যে কৃষকৰ মাজত সময়মতে জ যোগান ধৰাৰ পদক্ষেপে কৃষিৰ উৎপাদন দ্ধি কৰাত হৎ অৰিহণা যোগাব পাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ দৰে ‘মেক ইন আছাম’ পদক্ষেপৰো মুখ্যমন্ত্রীয়ে পোষকতা কৰাৰ লগতে প্রধানমন্ত্রীৰ লোকেল–ভোকেল–গ্লেবল্ আহ্বানৰ প্রতিও সকলোকে আন্তৰিকতাৰে সহযোগ কৰাৰ ােব আহ্বান জনায়৷ দেশৰ অর্থনীতি টনকিয়াল কৰাৰ ােব আমি স্থানীয়ভাৱে উৎপাদিত সামগ্রী ৱহাৰ কৰাৰ উপৰি স্থানীয়ভাৱে উৎপাদিত সামগ্রী জনপ্রিয়কৰণৰ ােবও আমি সকলোৱে পদক্ষেপ ল’ লাগ্বি বুলি মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই পৰিদর্শনকালত কৃষিমন্ত্রী অতুল ৰা, গুৱাহাটী উন্নয়ন িবভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ িবধানসভা সমষ্টিৰ িবধায়ক অতুল ৰা আৰু লাহোৱাল িবধানসভা সমষ্টিৰ িবধায়ক ঋতুপর্ণ ৰুৱা উপস্থিত থাকে৷

You might also like