এই মাহটো অসমৰ বাবে কঠিন আৰু প্রত্যাহ্বানৰ মাহঃ স্বাস্থ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২১ মেঃ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত উদ্বেগজনকভাৱে ক’ভিড–১৯ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে এইবাৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয় আৰু ৰে’লৱে কর্তৃপক্ষই নিয়মিত ৰূপত বিমান আৰু ৰে’লৰ চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ ১ জুনৰ পৰা ২০০খন নতুন ৰে’লৰ চলাচল আৰম্ভ কৰাৰ লগতে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ২৫ মে’ৰ পৰা ঘৰুৱা বিমান চলাচলৰ ব্যৱস্থা কৰিছে৷
ইতিমধ্যে বিমান পৰিবহণ মন্ত্রালয়ে বিমানবন্দৰ আৰু বিমান কর্তৃপক্ষক এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ ৰে’ল–বিমানৰ চলাচল স্বাভাৱিক হোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজ্যখনত প্রত্যাহ্বান অধিক বাঢ়িব বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ ভিতৰত ইতিমধ্যে ডেৰ লাখ লোক আহি পাইছে৷ এতিয়াও বহিঃৰাজ্যত অসমৰ ১২–১৩ লাখ মানুহ আছে৷ ৰে’লৰ চলাচল স্বাভাৱিক হোৱাৰ লগে লগে ৰাজ্যখনত মানুহ অহাটো অধিক বৃদ্ধি পাব৷ সম্প্রতি ৰাজ্যলৈ দুখন ৰে’লত মানুহ আহি আছে৷
বর্তমান অৱস্থাত ৰে’লৱে কর্তৃপক্ষই অসমৰ লগতে যি ৰাজ্যৰ পৰা আবদ্ধ লোকসকল আহে, দুয়োখন চৰকাৰৰ অনুমতি লয়৷ কিন্তু ৰে’লৱেৰ নতুন সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কোনো ৰাজ্যই তেওঁলোকৰ স্থানত অসমৰ লোক আবদ্ধ হৈ থকা বুলি জনালেই পোনপটীয়াকৈ অসমলৈ ৰে’ল চলাচল কৰাব পাৰিব৷ অসম চৰকাৰৰ অনুমতিৰ প্রয়োজন নাই৷ ইয়াৰ ফলত অহা কেইটামান দিনৰ পিছত দৈনিক চাৰি–পাঁচখন ৰে’লত অসমলৈ মানুহ আহিব৷ প্রায় এমাহ ধৰি ৰে’লযোগে মানুহ অহাটো চলি থাকিব৷ ফলত ৬–৭ হাজাৰ মানুহ একেদিনাই অসমত সোমাব৷ বিমান সেৱাও কোনোবা এটা দিনত আৰম্ভ হ’ব৷ ইয়াৰ বাবে ৰাজ্যখনত প্রত্যাহ্বান দিনকদিনে বাঢ়ি থাকিব৷ এই মাহটো কঠিন আৰু প্রত্যাহ্বানৰ মাহ হ’ব৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে আম্ফানৰ পৰিপ্রেক্ষিতত অহা দুদিনলৈ অসমলৈ কোনো মানুহ অহাৰ সম্ভাৱনা নাই৷ ইতিমধ্যে ৰে’ল আৰু বাছ চলাচল দুদিনৰ বাবে বন্ধ কৰিছে৷ কাৰণ এই সময়ছোৱাত নামনি অসমকে ধৰি বৰাক উপত্যকাত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা আছে৷
পশ্চিমবংগকো সতর্ক কৰি দিছে৷ ইপিনে, উত্তৰ প্রদেশ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবে দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ এক পত্রযোগে উত্তৰ প্রদেশত বর্তমানৰ লকডাউনৰ বাবে আবদ্ধ হৈ থকা বিভিন্ন ৰাজ্যৰ ব্যক্তিসকলৰ লগতে অন্যান্য ৰাজ্যত আবদ্ধ হৈ থকা উত্তৰ প্রদেশৰ ব্যক্তিসকলৰ যিয়ে ৰাজ্যখনৰ পৰা বহিঃগমন বা সোমাব খোজে, তাৰ বাবে অনুমতি প্রদানৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এই সংক্রান্তত মুকলি কৰাjansunwai.up.nic. in প’র্টেল অথব Android Appত থকা লিংকযোগে ইচ্ছুক ব্যক্তিসকলে নিজৰ নাম, পৰিচয়, আধাৰ নম্বৰ, চিনাক্তকৰণৰ চিহ্ণ, ফোন নম্বৰ, যাব বা আহিব খোজা ৰাজ্যৰ জিলা–মহকুমা–চহৰ নাম আদিৰ বিৱৰণ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব৷ ইফালে, দেশৰ ভিন্ন প্রান্তত থকা প্রব্রজিত শ্রমিকসকলক গৃহভূমিত উপস্থিত হোৱাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে ৰে’লৱে কর্তৃপক্ষই৷ প্রব্রজিত শ্রমিকসকলক সকাহ দিয়াৰ লক্ষ্যৰে শ্রমিক স্পেচিয়েল ৰে’লৰ সংখ্যা দুগুণ বৃদ্ধিৰ ব্যৱস্থা কৰিছে৷ ১ জুনৰ পৰা ২০০খন নতুন ৰে’ল চলাচল কৰিব৷ উক্ত ৰে’লসমূহ কোন পথেৰে যাতায়াত কৰিব আৰু সময়সূচী কেনেধৰণৰ হ’ব, সেই সম্পর্কত শীঘ্রে ৰে’ল কর্তৃপক্ষই ঘোষণা কৰিব৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়াই এক বিজ্ঞপ্তিত কয় যে যাত্রীসকলে কেৱল অনলাইনৰ যোগেদিহে টিকট বুকিং কৰিব পাৰিব৷ শীঘ্রে বুকিঙৰ কাম আৰম্ভ হ’ব৷ কোনো ৰে’লৱে ষ্টেচনত কোনো টিকট বিক্রী কৰা নহয়৷ তদুপৰি সকলো ৰে’ল শীত–তাপ নিয়ন্ত্রিত হ’ব৷ তদুপৰি যিসকল প্রব্রজিত লোকে গৃহৰাজ্যলৈ যোৱাৰ বাবে খোজকাঢ়ি ৰাওনা হৈছে, তেওঁলোকক বর্তমান উপস্থিত থকা ঠাইবোৰ চিনাক্ত কৰি ওচৰৰ প্রধান ৰে’লৱে ষ্টেচনলৈ লৈ যোৱাৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহক ৰে’ল বিভাগে নির্দেশ দিছে৷ অৱশ্যে ইয়াৰ আগতে তেনেধৰণৰ সকলো লোকৰ নাম ওচৰৰ জিলা হেড কোৱার্টাৰত পঞ্জীয়ন কৰিব লাগিব আৰু সকলো যাত্রীৰ নামৰ তালিকা ৰে’লৱে কর্তৃপক্ষক দাখিল কৰিব লাগিব যাতে শ্রমিক স্পেচিয়েল ৰে’লেৰে তেওঁলোকক নিজ ৰাজ্যলৈ পঠিওৱাটো সম্ভৱ হৈ উঠে৷ বিজ্ঞপ্তিটোত তেওঁ আৰু কয় যে কালিলৈকে ১৬০০খনৰো অধিক শ্রমিক স্পেচিয়েল ৰে’লে সেৱা আগবঢ়াইছে৷ উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, পশ্চিমবংগ, ছত্তিশগড়, ঝাৰখণ্ড, হিমাচল প্রদেশ, জম্মু–কাশ্মীৰ, মণিপুৰ, মিজোৰাম, ওড়িশা, তামিলনাডু, তেলেংগানা, ত্রিপুৰা, উত্তৰাখণ্ড, পঞ্জাব আদি ৰাজ্যলৈ শ্রমিক স্পেচিয়েল ৰে’লসমূহ চলাচল কৰিছে৷