নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিনলৈ নিৰাপদ নহয় অসমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্যবাসী৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ মাজৰ পৰাই নিতৌ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যকর্মীসকলক৷ যোৱা ২৪ ঘণ্টাত ৯২জন লোকলৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ পাছত গুৱাহাটী অহা ১৫ দিনলৈ নিৰাপদ নহয় বুলি আজি সতর্ক কৰি দিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ মন্তব্য– বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ মাজৰ পৰা যি হাৰত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেই দিশৰ পৰা অহা সময়ছোৱাত এই সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে স্বাস্থ্য বিভাগৰ কঠোৰ কোৱাৰেণ্টাইন ব্যৱস্থাৰ বাবে ক’ভিড–১৯ৰ সংক্রমণ সামাজিক পর্যায়লৈ গতি কৰা নাই৷

 ৰাজ্যত শেহতীয়াকৈ তিনি দিনত নাটকীয়ভাৱে ক’ৰোনাত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও সমান্তৰালভাৱে আৰোগ্য হোৱা লোকৰ সংখ্যা হ্রাস পাইছে৷ দেশৰ প্রেক্ষাপটত আৰোগ্য লোকৰ হাৰ ৪১ শতাংশ হোৱাৰ বিপৰীতে অসমত আৰোগ্যৰ হাৰ হ’ল ১৬.১৯ শতাংশ৷ আনহাতে, ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ হ’ল ১.১৪ শতাংশ৷ দেশত এই হাৰ হ’ল ২.৯৩ শতাংশ৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, বহিঃৰাজ্যৰ পৰা আহি আক্রান্ত হোৱা লোকসকলৰ ৯০ শতাংশই এতিয়াও কোৱাৰেণ্টাইন শিবিৰত আছে৷ ৰাজ্য চৰকাৰৰ সফল কোৱাৰেণ্টাইন ব্যৱস্থাৰ বাবে আক্রান্ত এই লোকসকলক চিনাক্ত কৰাত সুবিধা হৈছে৷

কোৱাৰেণ্টাইন শিবিৰক লৈ উত্থাপিত হোৱা একাধিক অভিযোগৰ পাছতো স্বাস্থ্য বিভাগৰ বিশেষ চেষ্টাৰ ফলত এই লোকসকলৰ দ্বাৰা সামাজিক সংক্রমণ নহ’ল৷ যদি এই লোকসকলক গাঁৱৰ পৰা উদ্ধাৰ কৰিব লগা হ’লহেঁতেন অথবা গাঁৱে গাঁৱে গৈ নমুনা সংগ্রহ কৰিব লগা হ’লহেঁতেন, তেন্তে পৰিস্থিতি নিশ্চয় অন্য হ’লহেঁতেন৷ প্রতিখন জিলাৰ পৰা ১০০–১৫০জন লোক ক’ৰোনা আক্রান্ত হিচাপে চিনাক্ত হ’লহেঁতেন৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি এতিয়ালৈ বহিঃৰাজ্যৰ পৰা অহা বাগ্সাৰ ৩জন, বৰপেটাৰ ১জন, বিশ্বনাথ চালিআলিৰ ৫জন, বঙাইগাঁৱৰ ৫জন, কাছাৰৰ ২৭জন, চৰাইদেউৰ ২জন, চিৰাঙৰ ৬জন, দৰঙৰ ১জন, ধুবুৰীৰ ১২জন, ডিব্রুগড়ৰ ১জন, ডিমা হাছাওৰ ৭জন, গোৱালপাৰাৰ ৮জন, গোলাঘাটৰ ১৫জন, হাইলাকান্দিৰ ১১, হোজাইৰ ৭৭জন, যোৰহাটৰ ১২জন, কার্বি আংলঙৰ ৪জন, কামৰূপ (মহানগৰ)ৰ ৪৪জন, কামৰূপ (গ্রাম্য)ৰ ১৮জন, কৰিমগঞ্জৰ ৯জন, কোকৰাঝাৰৰ ৪জন, লখিমপুৰৰ ৪জন, মাজুলীৰ ১জন, মৰিগাঁৱৰ ১৫জন, নগাঁৱৰ ১৯জন, নলবাৰীৰ ১২জন, দক্ষিণ শালমাৰাৰ ১জন, শিৱসাগৰৰ ৩জন, শোণিতপুৰৰ ১৪জন, তিনিচুকীয়াৰ ৭জন, ওদালগুৰিৰ ২জন আৰু পশ্চিম কার্বি আংলঙৰ ২জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

এইসকলৰ ভিতৰত সর্বাধিক হোজাই জিলাৰ ৭৭জন আক্রান্ত হোৱাৰ বিপৰীতে সর্বনিম্ন বৰপেটা জিলাত ১জন লোক আক্রান্ত হৈছে৷ আনহাতে, ধেমাজি জিলাত এতিয়ালৈ এজনো লোক ক’ভিড–১৯ত আক্রান্ত হোৱা নাই৷ মন কৰিবলগীয়া যে বহিঃৰাজ্যৰ পৰা অহা অধিকাংশ লোক আক্রান্ত হোৱাৰ পাছতো কিন্তু এই লোকসকলক চিকিৎসাৰ ক্ষেত্রত কোনো ধৰণৰ বেমেজালি সৃষ্টি হোৱা নাই৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি এই সন্দর্ভত কয়– অসমে এই মুহূর্তত ৫ হাজাৰ ক’ৰোনা ৰোগীৰ চিকিৎসাৰ বাবে প্রস্তুত হৈ আছে৷

এখন চিকিৎসালয়ৰ বিছনা আক্রান্তৰে ভর্তি হোৱাৰ পাছতে আন চিকিৎসালয়ত নতুন ৰোগী ভর্তি কৰোৱা হৈছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ সকলো চিকিৎসালয় একে সময়তে মুকলি কৰি দিয়া হেতু সৃষ্টি হোৱা খেলিমেলিৰ প্রতি লক্ষ্য ৰাখি আমি কৌশলগতভাৱে আগবাঢ়িছোঁ৷ অর্থাৎ এখন ভর্তি হ’লে আন এখন চিকিৎসালয়ৰ দুৱাৰ মুকলি হ’ব৷ –এই নীতিৰে আমি আগবাঢ়িছোঁ৷ এতিয়াও এহাজাৰ বিছনা সম্পূর্ণৰূপে সাজু হৈ আছে৷ আনহাতে, স্বাস্থ্য বিভাগে আৰম্ভ কৰা স্বাস্থ্য সেৱক প’র্টেলৰ জৰিয়তে ইতিমধ্যে ৪৫২জন চিকিৎসকক পঞ্জীয়ন কৰা হৈছিল৷ এই সন্দর্ভত ড০ শর্মাই কয়– বিভাগে ইতিমধ্যে ২৫১জনৰ লগত কথা পাতিছে৷

ইয়াৰে ২১০জন চিকিৎসকে ক’ভিড–১৯ চিকিৎসাৰ বাবে নিজৰ ইচ্ছাৰ কথা উল্লেখ কৰিছে৷ এইসকলৰ ভিতৰত ১২৯জনে চিকিৎসালয়ত কাম কৰাৰ ইচ্ছা প্রকাশ কৰাৰ বিপৰীতে ৪৭জনে টেলিমেডিচিনত কাম কৰাৰ ইচ্ছা প্রকাশ কৰিছে, ১০জনে টেলিফোনযোগে চিকিৎসা কৰাৰ কথা উল্লেখ কৰিছে আৰু ২৪জনে টেলিমেডিচিন আৰু ফোনযোগে চিকিৎসা কৰাৰ কথা বিভাগক জনাইছে৷ ইফালে, আন এক তথ্য সদৰী কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ আজি প্রকাশ কৰা অনুসৰি এতিয়ালৈ চিনাক্ত হোৱা ক’ৰোনা আক্রান্তসকলৰ ভিতৰত ৬–৭জনৰ ভ্রমণ বৃত্তান্ত লাভ কৰা হোৱা নাই৷ আনহাতে, ২৭১গৰাকীৰ ভ্রমণ বৃত্তান্ত পোৱা গৈছে৷

ইয়াৰে সর্বাধিক আহিছে মুম্বাইৰ পৰা৷ মুম্বাইৰ পৰা অহা আক্রান্ত লোকৰ সংখ্যা হ’ল ১০৮জন৷ আনহাতে, তবলিগী জামাতৰ পৰা অহা আক্রান্ত লোকৰ সংখ্যা হ’ল ৩৯জন৷ সেইদৰে দিল্লীৰ পৰা ৩৪, হাৰিয়ানাৰ পৰা ১৭, চেন্নাইৰ পৰা ২১, পশ্চিমবংগৰ পৰা ২২, উত্তৰ প্রদেশৰ পৰা ১১, ৰাজস্থানৰ পৰা ১১, তেলেংগানাৰ পৰা ৯, বিহাৰৰ পৰা ৬, আগৰতলাৰ পৰা ৪, কর্ণাটকৰ পৰা ৪, পুনেৰ পৰা ৪, অন্ধ্রপ্রদেশৰ পৰা ১, মধ্যপ্রদেশৰ পৰা ১, হায়দৰাবাদৰ পৰা ৩, ঝাৰখণ্ডৰ পৰা ১, দার্জিলিঙৰ পৰা ১ আৰু ছৌদি আৰবৰ পৰা অহা ১জন আক্রান্ত লোক আছে৷ তেওঁ আন এক তথ্য প্রকাশ কৰি কয়– বিগত সময়ছোৱাত বিভিন্ন যান–বাহনেৰে তথা খোজকাঢ়ি উত্তৰ–পূবৰ ৰাজ্যৰ বাহিৰে আন ৰাজ্যৰ পৰা অসমত প্রৱেশ কৰিছে মুঠ ৩৯,১৭৯জন লোকে৷

ইয়াৰ উপৰি উত্তৰ–পূবৰ ত্রিপুৰা, মিজোৰাম, মণিপুৰ আদিৰ পৰা ৪,৮৮৭জন লোক অসমত প্রৱেশ কৰিছে৷ সর্বমুঠ এই সংখ্যা ৪৪ হাজাৰ হৈছেগৈ৷ আনহাতে, ৰে’লেৰে আহিছে ১৬,৩৮৪জন লোক৷ যান–বাহন, খোজকাঢ়ি অহা আৰু ৰে’লেৰে অহা লোকৰ সংখ্যা প্রায় ৬০ হাজাৰ হ’ব৷ এই লোকসকলৰ ভিতৰত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ২৭৫জন৷ স্বাস্থ্য বিভাগে এইসকল লোকৰ লগতে গাঁৱে গাঁৱে গৈ প্রতিজন লোকৰ স্ক্রীনিং পৰীক্ষা সম্পূর্ণ কৰিছে৷ ২৫ হাজাৰ গাঁৱত চলোৱা এই পৰীক্ষাত ২৩ হাজাৰ লোক জ্বৰত ভুগি থকাটো পোহৰলৈ আহিছে৷ অৱশ্যে এই লোকসকল ক’ভিড–১৯ত আক্রান্ত নহয়৷

অর্থাৎ এই গাঁওসমূহৰ এজনো লোকৰ দেহত ক’ৰোনাৰ লক্ষণ ধৰা পৰা নাই৷ একপ্রকাৰ এইটো স্পষ্ট হৈছে যে অসমৰ গ্রাম্য অঞ্চল তথা সৰু সৰু নগৰসমূহত এজনো ক’ৰোনাত আক্রান্ত লোক নাই৷ অৱশ্যে এই পৰীক্ষাৰ মাজতে ৬জন লোক মেলেৰিয়া ৰোগত আক্রান্ত হোৱাটো ধৰা পৰিছে আৰু তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ দৰাচলতে স্বাস্থ্য বিভাগে কৰা কঠোৰ কোৱাৰেণ্টাইন নীতিৰ বাবে ৰাজ্যত সামাজিক সংক্রমণ ঘটা নাই৷ মন্ত্রীগৰাকীয়ে আজি ইয়াকো জানিবলৈ দিয়ে যে বহিঃৰাজ্যত থকা ৩৬,১১৭গৰাকী লোকৰ একাউণ্টত ২ হাজাৰ টকাকৈ মুঠ ৭২ কোটি টকা জমা কৰা হৈছে৷ আৰোগ্য নিধিলৈ ৫১ হাজাৰ লোকে মুঠ ১১২ কোটি টকাৰ সাহায্য আগবঢ়াইছে৷ আনহাতে, ধনন্তৰী আঁচনিৰ জৰিয়তে ৭,৫০০জন লোকক ঔষধ যোগান ধৰা হৈছে৷

You might also like