সনাতন ডেকাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ফাইজুল আৰু ইউছুফ গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ড সন্দৰ্ভত মূল অভিযুক্ত ফাইজুল হক আৰু ইউছুফ আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ । আনহাতে এতিয়াও পলাতক হৈ আছে জলীল আলী, ফিৰোজ খান আৰু খবিৰ আলী ।
বৰ্তমান আৰক্ষীয়ে আন তিনি অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।
উল্লেখ্য যে হাজো থানাৰ অন্তর্গত তেতেলিয়া গাঁৱৰ সনাতন ডেকাই ২২ মে’ত পাচলি বিক্রী কৰি বৰম্বৈ দিশৰ পৰা মনাহকুছিলৈ আহি আছিল৷ এনে অৱস্থাত ৩নং মনাহকুছি নদীপাৰত বৰম্বৈৰ মুখনীয়াৰ আব্দুল জলিল আৰু খবিৰুদ্দিন আহমেদ নামৰ লোক দুজনৰ বাইকৰ লগত সনাতনৰ চাইকেলখন দুর্ঘটনাত পতিত হয়৷ ইয়াকে লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয় যদিও পাছত আব্দুল জলিলে খবৰ দিয়াত ফাইজুল হক আৰু ইউচুপ উদ্দিনে এখন স্কুটীৰে আহি সেই স্থানত উপস্থিত হয় আৰু কোনো সোধা–পোছা নকৰাকৈ চাৰিওজনে মিলি পৰিকল্পিতভাৱে সনাতনক উপর্যুপৰি প্রহাৰ কৰে৷ নির্দয় প্রহাৰত পথতে ঢলি পৰা সনাতনক প্রথমে আমিনগাঁও জি এন আৰ চি হাস্পতালতত ভর্তি কৰে৷ মূৰ আৰু বুকুত গুৰুতৰ আঘাত পোৱা সনাতন ডেকাই অৱশেষত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷