মহামাৰী ক’ৰোনাক জয় কৰা এগৰাকী কণমানিঃ সুস্থ হৈ আজি ঘৰলৈ উভতিল ১৩ বছৰীয়া চম্পা
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মহামাৰী ক’ৰোনাক জয় কৰা এগৰাকী কণমানি । নাম চম্পা বৰা । বয়স মাথো ১৩ বছৰ । আৰু আজি চিকিৎসালয়ৰ পৰা সুস্থ হৈ মাতৃৰ সৈতে ঘৰলৈ উভতিল চম্পা ।
যিসময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি আহি পুনৰ ক’ৰোনাৰ দৰে মহামাৰীক সাহসেৰে জয় কৰিবলৈ সক্ষম হ’ল ১৩ বছৰীয়া চম্পাই ।
মুম্বাইৰ এছআৰচিচি হাস্পতালত অপেন হাৰ্ট ছাৰ্জাৰী কৰিছিল চম্পাৰ । সফলতাৰে অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পাছত লকডাউনৰ বাবে মাতৃৰ সৈতে চম্পা অসমলৈ উভতিব পৰা নাছিল । অৱশেষত যোৱা ১১ মে’ত অসমত আহি উপস্থিত হোৱাৰ পাছত চম্পাৰ দেহত পোৱা গৈছিল ক’ভিড-১৯ পজিটিভ । যাৰ পাছতে চম্পাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, য’ত তাইৰ মাতৃয়ো তাইৰ লগতে আছিল ।
আজি চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল মহামাৰী ক’ৰোনাক জয় কৰা দুটি কণমানি। সুস্থ হৈ মাতৃৰ সৈতে ঘৰলৈ গ’ল ১৩ বছৰীয়া চম্পা বৰা। মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি উভতি অহা চম্পাৰ দেহত পোৱা গৈছিল কৰ’না। GMCHত মাতৃৰ সৈতে আছিল কণমানি চম্পা।
অৱশ্যে উল্লেক্ষনীয় কথাটো হ’ল যে ক’ৰোনা পজিটিভ কন্যাৰ সৈতে একেলগে থকাৰ পাছতো মাতৃ পুষ্পাৰ দেহলৈ সংক্ৰমণ নহ’ল ক’ৰোনা । অৱশেষত আজি মাতৃ-কন্যা দুয়োৰে দেহত ক’ভিড নিগেটিভ হোৱাৰ পাছত নিজ গৃহলৈ যাবলৈ দিয়া হ’ল আৰু কণমানি চম্পাক উপহাৰৰ টোপোলা দি বিদায় জনালেহি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।