অসম “হেণ্ড গ্ল’ভছ্ নিপিন্ধিব !”- কিয় ক’লে DGP ভাস্কৰ জ্যোতি মহন্তই ? By নিয়মীয়া বাৰ্তা On May 25, 2020 Share নিয়মীয়া বাৰ্তা, ২৫ মেঃ “আপোনালোকে যেতিয়াই-তেতিয়াই গ্ল’ভছ্ নিপিন্ধিব । ই অতি বিপদজনক হ’ব পাৰে । গ্ল’ভছ্ এবাৰ পিন্ধিলে সেই কৰ্তব্যটো সম্পাদন কৰি গ্ল’ভছযোৰ ততাতৈয়াকৈ ধ্বংসকৰি পেলাব লাগে । গ্ল’ভছ্ পিন্ধা অৱস্থাত কেতিয়াবা অতি বিপদজনক হে হ’ব পাৰে । গ্ল’ভছ্ পিন্ধাতকে হাতখন সঘনাই ধুই থকা, চেনিটাইজাৰ লগাই থকাটোহে সমীচিন ।” – আজি সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । তেওঁ লগতে কয় যে গ্ল’ভছ্ তেতিয়াহে পিন্ধিব লাগে যেতিয়া সংক্ৰমিত ব্যক্তি বা কোনো সন্দেহযুক্ত ব্যক্তিৰ সংস্পশলৈ অহা যায় । আনহাতে পিপিই কীট ৰাজপথৰ লগতে য’তে-ততে পেলোৱা সন্দৰ্ভত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে- এই সন্দৰ্ভত এক ফৌজদাৰী গোচৰ ৰুজু কৰা হ’ব । লগতে পিপিই কীট ব্যৱহাৰৰ ক্ষেত্ৰত ডিজিপি মহন্তই সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল ব্যৱসায়ীয়ে সামাজিক দূৰত্ব নিয়ম নামানি সামগ্ৰী বিক্ৰী কৰি আহিছে, সেই সমূহ চিনাক্ত কৰি শীঘ্ৰে তেওঁলোকৰ দোকান বন্ধ কৰি দিয়াৰ ব্যৱস্থাও ইতিমধ্যে আৰক্ষীয়ে লৈছে বুলি ডিজিপি মহন্তই উল্লেক কৰে । ASSAM POLICEFeatured Share