বৰঝাৰলৈ ৮খন বিমানত আহিল ৬৮৬ যাত্রী
নিয়মীয়া বাৰ্তা, ২৬ মেঃ বলৱৎ থকা লকডাউনৰ মাজতে আজি দুমাহৰ অন্তত দেশজুৰি ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হ’ল৷ বহিঃৰাজ্যৰ পৰা আজি অসমলৈ চলাচল কৰে ৮খনকৈ বিমান৷ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে নির্ধাৰণ কৰি দিয়া নীতি–নিয়মৰ মাজেৰে ৮খনকৈ বিমান বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত বৰঝাৰলৈ ৮খন বিমানত আহিল ৬৮৬ পদার্পণ কৰে৷ এই ৮খন বিমানত অহা মুঠ যাত্রীৰ সংখ্যা আছিল ৬৮৬গৰাকী৷ উল্লেখ্য যে দিল্লীৰ পৰা পুনেলৈ প্রথমখন ঘৰুৱা বিমানৰ যাত্রা আৰম্ভ হয় আৰু ইয়াৰ পাছতে দেশৰ কেইবাখনো ৰাজ্যলৈ চলাচল আৰম্ভ হয় বিমানৰ৷ অসমলৈ ৩২খনকৈ বিমান অহাৰ সময় নির্ধাৰণ কৰা আছিল যদিও বেয়া বতৰৰ বাবে কেইবাখনো বিমানৰ চলাচল বাতিল কৰা হয়৷
উম্পুনৰ বাবে ২৭ মে’ পর্যন্ত বন্ধ হৈ আছে নেতাজী সুভাষ চন্দ্র বসু বিমানবন্দৰ৷ কলকাতাৰ পৰা শিলচৰলৈ আৰু ডিব্রুগড়লৈ আহিবলগা বিমান দুখন বেয়া বতৰৰ বাবে বাতিল কৰা হয়৷ অৱশ্যে ইয়াৰ মাজতে দিল্লী, বাংগালুৰ আদিৰ পৰা ৮খনকৈ বিমানে কঢ়িয়াই আনে ছয় শতাধিক যাত্রী৷
এই যাত্রীসকলৰ ৩১০গৰাকী যাত্রীয়ে ৰাজ্যৰ অন্য প্রান্তলৈ যাত্রা কৰাৰ বিপৰীতে আনসকলক গুৱাহাটীৰ বিভিন্ন শিবিৰত কোৱাৰেণ্টাইন কৰা হয়৷ উল্লেখ্য যে বিমানেৰে অহা সকলো যাত্রীৰে স্বাস্থ্য পৰীক্ষা কৰা হয়৷ ৷ সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই কয় যে বহিঃৰাজ্যৰ পৰা আহিবলগা লোকসকলক কোৱাৰেণ্টাইন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূর্ণ কৰি তোলা হৈছে৷ বিমান যাত্রীসকলৰ মহানগৰীৰ পল্টন বজাৰস্থিত কিৰণশ্রী হোটেলত নাম পঞ্জীয়ন কৰাৰ লগতে ছোৱাব সংগ্রহৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, বিমানখনৰ পৰা প্রথমগৰাকী যাত্রী হিচাপে অৱতৰণ কৰে অসম সন্তান তথা ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতা৷ দক্ষিণ কামৰূপৰ ৰামপুৰ সুজনপাৰা নিৱাসী ভাস্কৰ কলিতাৰ পিতৃ হৰিমোহন কলিতাৰ কালি মৃত্যু হোৱাৰ পৰিপ্রেক্ষিতত পিতৃৰ সৎকাৰৰ বাবে গুৱাহাটীলৈ আহে ভাৰতীয় সেনাৰ শীর্ষ বিষয়াগৰাকী৷ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত প্রথম যাত্রী হিচাপে ভাস্কৰ কলিতাক এখন ফুলাম গামোচাৰে আদৰণি জনায় কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷