কোৱাৰেণ্টাইন কেন্দ্ৰত সৰ্প দংশনত মৃত্যু এটি কন্যা শিশুৰ
নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ৰোনাত নহয় কোৱাৰেণ্টাইন কেন্দ্ৰত সৰ্প দংশনত মৃত্যু হ’ল এগৰাকী ৬ বছৰীয়া কন্যা শিশুৰ। তিনিজনীয়া পৰিয়ালটোৰ সৈতে কোৱাৰেণ্টাইন কেন্দ্ৰৰ মজিয়াত শুই থাকোতে সাপে আহি কন্যা শিশুটিক দংশন কৰাত মৃত্যু হয় । পিছত শিশুটিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যেই মৃত্যু হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে। যোৱা সোমবাৰে উত্তৰাখণ্ডৰ নেনিতালৰ তালি চেথি অঞ্চলৰ বেতালঘাটৰ এখন বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত ঘটনাটো সংঘটিত হয়।
জিলাখনৰ উপায়ুক্তই জানিবলৈ দিয়ে যে এনেধৰণৰ ঘটনা সম্পূৰ্ণ অৱলেহাৰ কৰাৰ কাৰণে সংঘটিত হৈছে তাৰ বাবে গাওঁ উন্নয়ন বিষয়া উমেশ যোশী, শিক্ষক কৰণ সিঙ আৰু চাব ইন্সপেক্টৰ(ৰাজহ বিভাগ)ৰ ৰাজপাল সিঙৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৪(এ) গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে পৰিয়ালটোৱে কোৱাৰেণ্টাইন কেন্দ্ৰত ৰাজহ চাব ইন্সপেক্টৰ ৰাজপালক অভিযোগ কৰিছিল যে কেন্দ্ৰটোত সাপে তেনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে বুলি কিন্তু বিষয়া জনে গুৰুত্ব প্ৰদান নকৰিলে। পৰিয়ালটোৱে দিল্লীৰ পৰা আহি বিদ্যালয়খনত কোৱাৰেণ্টাইনত আছিল।
পাহাৰীয়া অঞ্চলটোত ইতিমধ্য়েই বহুলোকে কোৱাৰেণ্টাইন কেন্দ্ৰত অপৰিস্কাৰ শৌচালয় তথা পানীৰ সমস্যাৰ বিষয়ে অভিযোগ উত্থাপন কৰি আহিছে।