আশাৰ খবৰ পতঞ্জলীয়ে আৰম্ভ কৰিলে মানৱ শৰীৰত ক’ৰোনাৰ প্ৰতিষেধকৰ পৰীক্ষণ
নিয়মীয়া বাৰ্তা ২৮ মেঃ যোগ গুৰু বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলী আয়ুৰ্বেদে শেহতীয়াকৈ ঘোষণা কৰিছে যে ক’ৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে ক্লিনিকেল পৰীক্ষণ আৰম্ভ কৰি দিছে। কোম্পানীটোৰ দাবী যে তেওঁলোকে কেইবাটাও পৰীক্ষণ পাৰ কৰাৰ পিছত এতিয়া মানৱ শৰীৰৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিব। ক’ৰোনা সংক্ৰমণত অতিকৈ ক্ষতিগ্ৰস্থ ইন্দোৰ আৰু জয়পুৰত যোৱা সপ্তাহত মানৱ শৰীৰত পৰীক্ষণৰ মঞ্জুৰি পোৱাৰ পিছতেই মানৱ শৰীৰৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিছে কোম্পানীটোৱে । পতঞ্জলীৰ এম ডি আচাৰ্য বালাকৃষ্ণণে কয় যে আমি ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ কেৱল প্ৰতিৰোধ ক্ষমতাই বৃদ্ধি কৰাতেই নহয় লগতে ইয়াৰ চিকিৎসাৰ বিষয়েও চৰ্চা কৰি আছো।
কোম্পানীৰ মতে কোম্পানীৰ হাতত সকলোধৰণৰ পৰীক্ষাৰ বাবে পৰ্যাপ্ত সুবিধা আছে । আনহাতে কোম্পানীটোৰ এটা পৰীক্ষাগাৰ বিশেষ ভাৱে ক’ৰোনাৰ পৰীক্ষাৰ বাবে আছে। আচাৰ্য বালকৃষ্ণণৰ মতে পতঞ্জলী ভাৰতস্থিত যিকোনো আয়ুৰ্বেদ কোম্পানী তথা সংস্থানৰ লগত তুলনা কৰিব পাৰি। আমাৰ পৰীক্ষাগাৰ উন্নত মানৰ আৰু লগতে ৫০০ বিশেষজ্ঞ আমাৰ লগত আছে।